শেহতীয়া খবৰ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  ৰাণাঘাটৰ ৰাণুৰ সৈতে গান গাব বিচাৰে কুমাৰ চানুৱে!  •  নিলম্বন কৰিলেই নহ’বঃ মহিলাক বৰ্বৰ অত্যাচাৰ চলোৱা আৰক্ষী বিষয়াক গ্ৰেপ্তাৰৰ দাবী জনালে খোদ মন্ত্ৰীয়ে  •  হিন্দী ভাষাক সাধাৰণ ভাষাৰ মান্যতা দিয়াৰ বিৰুদ্ধে আন এগৰাকী চুপাৰষ্টাৰ…  •  বিহাৰত বজ্ৰপাত পৰি ২৪ ঘণ্টাত ১৮ জনৰ মৃত্যু...  •  সৰু ল’ৰাৰ দৰে আচৰণ পাকিস্তানৰ! পাক আকাশপথেদি যাব নিদিয়ে প্ৰধানমন্ত্ৰী মোডীৰ বিমান

উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল, অন্তিমখন প্ৰি-কোৱাৰ্টাৰত ইডেন এফচিৰ জয়

125

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি ক্ৰীড়া সন্থাৰ উদ্যোগত ওদালগুৰি ষ্টেডিয়ামত চলি থকা উপেন্দ্ৰ নাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতাখনিৰ শুকুৰবাৰে অন্তিমখন প্ৰি-কোৱাৰ্টাৰ খেল গোসাইগাঁও গ্লোবেল ফুটবল একাডেমী আৰু স্থানীয় ইডেন এফচিৰ মাজত অনুষ্ঠিত হয়। খেলখনত ইডেন এফচিয়ে ৫-২ গলৰ ব্যৱধানত গোসাইগাঁও গ্লোবেল ফুটবল একাডেমীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে।

ইডেন এফচিৰ হৈ প্ৰথমাৰ্ধৰ ২৯ মিনিটত নচীৱ চৰেণে প্ৰথমটো গল দি হাফটাইম পৰ্যন্ত দলটোক অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ পৰৱৰ্তী দ্বিতীয়াৰ্ধৰ ৪৮ মিণিটত নচীৱ এফচিয়ে ব্যক্তিগতভাৱে দ্বিতীয়টো গল প্ৰদানেৰে দলটোৰ স্থিতি শক্তিশালী কৰি তোলে। পুনৰ ইডেন এফচিৰ হৈ জিণ্টু দৈমাৰীয়ে ৬২ মিনিটত তৃতীয়টো গল দি খেলখন একপ্ৰকাৰ দলটোৰ আধিপত্যলৈ আনে।

ইয়াৰ প্ৰত্যুত্তৰত ৭৭ মিণিটত গোসাইগাঁও গ্লোৱেল ফুটবল একাডেমীৰ হৈ মুচুখা নাৰ্জাৰীয়ে প্ৰথমটো গল দিয়ে যদিও খেলখনৰ ৮২ মিণিটত নচীৱ চৰেণে আৰু এটা গল দি ইডেন এফচি ৪-১ গলৰ ব্যৱধানত আগবাঢ়ি থাকে। ইয়াৰ প্ৰত্যুত্তৰত গোসাইগাঁও গ্লোৱেল ফুটবল একাডেমীৰ হৈ সৌমদৌন ব্ৰহ্মই দলটোৰ হৈ দ্বিতীয়টো গ’ল দিয়ে যদিও খেলখনৰ অতিৰিক্ত সময়ত ৯১ মিনিটত ইডেন এফচিৰ হৈ গৌমচাৰ দৈমাৰীয়ে অন্তিমটো গল দি গোসাইগাঁও গ্লোৱেল ফুটবল একাডেমীক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। শনিবাৰে অনুষ্ঠিত হবলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত মুখামুখী হ’ব নংগ্ৰীম হিলচ্ এফচি বনাম ইলেভেনষ্টাৰ বঙাইগাওঁ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি