উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল, ইডেন এফচি ১-০ গ’লৰ ব্যৱধানত জয়ী

উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবল, ইডেন এফচি ১-০ গ’লৰ ব্যৱধানত জয়ী

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত ওদালগুৰি ক্ৰীড়া ষ্টেডিয়ামত চলি থকা ২৬ সংখ্যক বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম স্বৰ্ণকাপ ফুটবলৰ বুধবাৰে ইডেন এফচি বনাম নিউ মডেল স্প'ৰ্টছ ক্লাৱৰ মাজত অনুষ্ঠিত হয় খেল। খেলখনত ইডেন এফচিয়ে ১-০ গলৰ ব্যৱধানত নিউ মডেল স্পৰ্টছ ক্লাৱক পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে।

ইডেন এফচিৰ হৈ জিণ্টু দৈমাৰীয়ে প্ৰথমাৰ্ধৰ ২৬ মিনিটত একমাত্ৰ গলটো দিবলৈ সক্ষম হয়। বুধবাৰৰ খেলৰ মুখ্য ৰেফাৰি বিশ্বজিৎ বড়োৰ সৈতে থাকে সহযোগী ৰেফাৰী ক্ৰমে মৃদুল বসুমতালী, ইলিছ মছাহাৰী আৰু বাবুৰাম দৈমাৰী। বৃহস্পতিবাৰৰ খেলত শস্ত্ৰপাৰা দৈমালু ক্লাৱ মুখামুখী হ'ব মেঘালয়ৰ চুটুংগ্ৰা ক্লাৱৰ বিপক্ষে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in