ওদালগুৰি জিলাৰ তিনিটা বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৭৪ শতাংশ

ওদালগুৰি জিলাৰ তিনিটা বিধানসভা সমষ্টিত ভোটদানৰ হাৰ ৭৪ শতাংশ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বৃহস্পতিবাৰে সমগ্ৰ ৰাজ্যৰে পাঁচটা লোকসভা সমষ্টি ক্ৰমে কৰিমগঞ্জ, শিলচৰ, স্বায়ত্বশাসিত জিলা, মঙ্গলদৈ আৰু নগাঁৱত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন। এই পাঁচোটা সমষ্টিত মুঠ ৫০ গৰাকী প্ৰাৰ্থীয়ে ভোট যুদ্ধত অৱতীৰ্ণ হৈছে। ইয়াৰ ভিতৰত মঙ্গলদৈ লোকসভা সমষ্টিত আছে মুঠ ১১ গৰাকী প্ৰাৰ্থী। এইসকলৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ভুৱনেশ্বৰ কলিতা, সৰ্ব ভাৰতীয় তৃণমূল কংগ্ৰেছৰ শুধেন্দু মোহন তালুকদাৰ, অসম জন মৰ্চাৰ আইনুল হক, ভোটাৰ্চ পাৰ্টী ইণ্টাৰনেশ্বনেলৰ গন্ধেশ্বৰ মোচাহাৰী, ভাৰতীয় গণ পৰিষদৰ বিৰেণ বাছাক, হিন্দুস্থান নিৰ্মাণ দলৰ মণিৰাম বসুমতাৰী, ছচিয়েলিষ্ট ইউনিটী চেণ্টাৰ অব্ ইণ্ডিয়া(কমিউনিষ্ট) দলৰ স্বৰ্ণলতা চলিহা, ইউপিপিএলৰ প্ৰদীপ কুমাৰ দৈমাৰীৰ লগতে আন দুগৰাকী নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে কাজি নেকিব আহমেদ আৰু জয়ন্ত কুমাৰ কলিতাই এইবেলি ৮নং মঙ্গলদৈ লোকসভা সমষ্টিৰ পৰা প্ৰতিদন্দ্বিতা আগবঢ়াইছে।

দ্বিতীয পৰ্যায়ৰ নিৰ্বাচনত মঙ্গলদৈ লোকসভা সমষ্টিৰ ২৩০০তকৈ অধিক ভোটকেন্দ্ৰত ১৭,৯৫,৫২৯ গৰাকী ভোটাৰৰ নাম ভোটাৰ তালিকাত সন্নিৱিষ্ট আছে। ইয়াৰে ভিতৰত জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০নং মাজবাট বিধানসভা সমষ্টিৰ মুঠ ভোটদাতাৰ সংখ্যা হ'ল ৪,৩৬,১৩৭ গৰাকী। ইয়াৰে ভিতৰত ৬৪নং পানেৰী বিধানসভা সমষ্টিৰ ২০১ টা ভোটকেন্দ্ৰত ৭৩,৭১০ গৰাকী পুৰুষ আৰু ৭০,৮৪৭ গৰাকী মহিলাসহ মুঠ ১,৪৪,৫৫৭ গৰাকী ভোটাৰ, ৬৯নং ওদালগুৰি বিধানসভা সমষ্টিৰ ১৯৩ টা ভোটকেন্দ্ৰত ৭৩,৮২৮ গৰাকী পুৰুষ আৰু ৭১,৯৯৯ গৰাকী মহিলাসহ মুঠ ১,৪৫,৮২৭ গৰাকী ভোটাৰৰ লগতে ৭০ নং মাজবাট লোকসভা সমষ্টিৰ ১৮৭ টা ভোটকেন্দ্ৰত ৭৫,১৯৩ গৰাকী পুৰুষ আৰু ৭০,৫৬০ গৰাকী মহিলাসহ মুঠ ১,৪৫,৭৫৩ গৰাকী ভোটাৰৰ নাম ভোটৰ তালিকাত সন্নিৱিষ্ট আছে।

ইয়াৰে ভিতৰত ওদালগুৰি জিলাখনৰ জিলাখনৰ ৫৮১ টা ভোটগ্ৰহণ কেন্দ্ৰত আজি অনুষ্ঠিত হৈ যায় ভোটগ্ৰহণ। ইফালে ৰাতিপুৱা ৭:৪০ বজাত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে সপত্নীসহ গৈ ৫৩৮ নং কাঁহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে। ইয়াৰ পাছত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মন্ত্ৰীগৰাকীয়ে সকলো জনসাধাৰণক নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনায়। লগতে মন্ত্ৰীগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াৰ জয় নিশ্চিত বুলি দাবী কৰি দেশৰ প্ৰধানমন্ত্ৰী কোন হ'ব সেয়া জনসাধাৰণে বিচাৰ কৰিব বুলি উল্লেখ কৰে।

ইফালে পুৱা প্ৰায় ৮:১৫ বজাত ওদালগুৰিৰ কঠালগুৰিস্থিত নলবাৰী প্ৰাথমিক বিদ্যালয়ত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ ইউপিপিএলৰ প্ৰাৰ্থী প্ৰদীপ কুমাৰ দৈমাৰীয়ে। তেওঁ ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰ আগত মত ব্যক্ত কৰি বিপুল ভোটত জয়ী হোৱাৰ দাবী উত্থাপন কৰে। ইফালে বিভিন্ন স্থানত ইভিএম বিকল হোৱা সন্দৰ্ভত মন্তব্য কৰি কয় যে, ইভিএম মেচিনসমূহ ভালদৰে পৰীক্ষা নকৰাৰ ফলতহে এনে ধৰণৰ বিসংগতি পোহৰলৈ আহিছে। জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৬৪নং পানেৰী, ৬৯নং ওদালগুৰি আৰু ৭০নং মাজবাট বিধানসভা সমষ্টিত ৰাতিপুৱা সাত বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণত প্ৰথমাৱস্থাত ভোটাৰৰ উপস্থিতি সেৰেঙা আছিল যদিও সময় পাৰ হোৱাৰ লগে লগে বৃদ্ধি পায় ভোটদানৰ হাৰ।

সেই অনুসৰি দিনৰ ১১ বজালৈ জিলাখনৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে ৬৪নং পানেৰীত ৩৫%, ৬৯নং ওদালগুৰিত ৩২% আৰু ৭০নং মাজবাটত ৩১% আছিল ভোটদানৰ হাৰ। কিন্তু পৰৱৰ্তী সময়ত আবেলি পাঁচ বজাত ভোটগ্ৰহণৰ অন্তত এই ভোটদানৰ হাৰ ৬৪নং পানেৰীত ৭৫ শতাংশ, ৬৯নং ওদালগুৰিত ৭৪ শতাংশ আৰু ৭০নং মাজবাটত ৭৩ শতাংশলৈ বৃদ্ধি পায়। অৱশ্যে ভোটাৰৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণ প্ৰক্ৰিয়া ৫ বজাৰ পিছলৈকে অব্যাহত থাকে। ইফালে এগৰাকী ভোটাৰে কোলাত কেচুৱা লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা দৃশ্যই ওদালগুৰীত বৃহস্পতিবাৰে সকলোৰে দৃষ্টি হৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in