ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত…

ওদালগুৰিত বিগত ২৪ ঘণ্টাত ১২জনকৈ লোক কোৰোনাত আক্ৰান্ত…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাজ্যজুৰি কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ মাজতে কালি ওদালগুৰি জিলাত দুদিনত ১২ জনকলৈ লোকৰ দেহত কভিড-১৯ ভাইৰাছৰ অৱস্থিতি ধৰা পৰে। জিলা স্বাস্থ্য বিভাগে জানিবলৈ দিয়া অনুসৰি কালি জিলাখনৰ খৈৰাবাৰী মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ৯জন লোকৰ লখতে আজি টংলা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ৩জনকৈ লোকৰ দেহত কোভিড-১৯ৰ অৱস্থিতি ধৰা পৰে। জিলাখনৰ খৈৰাবাৰী মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোককেইজনে কিছুদিন পূৰ্ৱে চেন্নাইৰ পৰা অসমলৈ আহিছিল।

ইয়াৰ পাছত তেওঁলোকৰ স্বাৱ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ পঠিওৱাৰ সমান্তৰালভাৱে তেওঁলোকক কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰে। ওদালগুৰি জিলাখনত কালি কডিভ-১৯ পজিটিভ পোৱা লোককেইজন হ'ল ৰতনপুৰ গাওঁৰ অমৰজ্যোতি বড়ো(১৯), ভুটীয়াচাং চাহ বাগিচাৰ আনন্দ কোৱৰ(২১), তৰাবাৰী গাওঁৰ দিনেশ বসুমতাৰী(২৫), মুৰমালা গাওঁৰ চৌদৌম বড়ো(২০), বৰমুকুলি গাওঁৰৰ গোবিন্দ বড়ো(২১), ২নম্বৰ গিলাবাৰী গাওঁৰ ধনজিৎ ৰাভা(৩৭), ঔৰঙ্গজুলি চাহ বাগিচাৰ জিজিকেল তাঁতী(২৫), ভুটীয়াচাং চাহ বাগিচাৰ অঞ্জুলেশ ওৰাং(২০) আৰু জোৰপুখুৰী গাওঁৰ গোবিন্দ হালোৱা(২৫)। উক্ত লোককেইজনক নিশাই কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

ইফালে শনিবাৰে জিলাখনৰ টংলা মহাবিদ্যালয় কোৱাৰেণ্টাইন কেন্দ্ৰত থকা ৩ জনকৈ লোকৰ দেহত কভিড-১৯ৰ অৱস্থিতি ধৰা পৰাৰ কথা স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে। লোককেইজন হ'ল ক্ৰমে ৰৌতাৰ দালাকাটিৰ বিপ্লৱ বড়ো(২৭), ২নম্বৰ ঘাগ্ৰাৰ পানীৰাম গৌড়(৩৩) আৰু ২নম্বৰ ঘাগ্ৰাৰ সন্তোষ গৌড়(৩১) বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে। লোক কেইজনক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পূৰ্ৱে জিলাখনৰ আন দুজন লোক ক্ৰমে মাজুলীবস্তি গাওঁৰ মোহন চেত্ৰী আৰু মাধৱগোহাঁই গাওঁৰ ৰফিক আলী কভিড-১৯ত আক্ৰান্ত হৈ ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

ইয়াকে লৈ ওদালগুৰি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা কভিড-১৯ ৰোগীৰ সংখ্যা ১৪ জনলৈ বৃদ্ধি পাইছে। লক্ষণীয়ভাৱে ওদালগুৰি জিলা স্বাস্থ্য বিভাগে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি ওদালগুৰি জিলাৰ আন তিনিজন কভিড-১৯ত আক্ৰান্ত ৰোগী ৰাজ্যৰ বিভিন্ন জিলাত চিকিৎসাধীন হৈ আছে।

ইয়াৰে ভিতৰত ইকৰাবাৰী গাওঁৰ চোলেমান আলী গুৱাহাটীৰ এম‌এমচিএইছত, খোজুৱাবিল গাওঁৰ ভগীৰথী ভুমিজ নামৰ এজন লোক তেজপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত থকাৰ লগতে হৰিশিঙাৰ সমীপৱৰ্তী অঞ্চলৰ নেৰশ্বন দৈমাৰী নামৰ আন এজন লোক বৰপেটাত চিকিৎসাধীন হৈ আছে। ইফালে ওদালগুৰি জিলাখনত কভিড-১৯ত আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ আইচলেচন কক্ষত বৰ্তমান ২৫ খন বিচনা আছে যদিও কম দিনৰ ভিতৰতে বৃদ্ধি কৰাৰ যো-জা চলোৱা বুলি ওদালগুৰি স্বাস্থ্য বিভাগৰ পৰা জানিব পৰা গৈছে। আজিপৰ্যন্ত ওদালগুৰি জিলাখনলৈ বহিঃৰাজ্যৰ পৰা ১২৬৬ গৰাকী লোক আহিছে আৰু এইসকল লোকক জিলাখনৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰত ৰখা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in