কোৰোনা আক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ওদালগুৰি জিলা, বহিঃৰাজ্যৰ পৰা আজিপৰ্যন্ত ওদালগুৰিলৈ ৫৪৫ জন লোক…

কোৰোনা আক্ৰান্তৰ তালিকাত অন্তৰ্ভুক্ত হ’ল ওদালগুৰি জিলা, বহিঃৰাজ্যৰ পৰা আজিপৰ্যন্ত ওদালগুৰিলৈ ৫৪৫ জন লোক…

ডিজিটেল সংবাদ, ওদালগুৰিঃ অৱশেষত ৰাজ্যত কোৰোনাত আক্ৰান্ত জিলাসমূহৰ তালিকাত অন্তৰ্ভূক্ত হ'ল ওদালগুৰি জিলাৰ নাম। বৃহস্পতিবাৰে গুৱাহাটীৰ সৰুসজাইস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত থকা এজন লোক কোৰোনাত আক্ৰান্ত হোৱাৰ তথ্য সদৰী কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

জানিব পৰা মতে ওদালগুৰি জিলাৰ ইকৰাবাৰীৰ বাসিন্দা চুলেমান আলী নামৰ লোকজনে কলকাতাৰ পৰা আহি গুৱাহাটীৰ সৰুসজাইস্থিত কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইনত আছিল যদিও কোৰোনা পৰীক্ষাৰ ফলাফলত তেওঁ কৰ'নাত আক্ৰান্ত হোৱাটো নিশ্চিত হয়। ইপিনে আজি পুৱা ওদালগুৰি জিলাৰ আন এগৰাকী লোক কৰ'নাত আক্ৰান্ত হোৱাৰ খবৰ দিয়ে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

শোণিতপুৰ জিলাৰ তেজপুৰ বিশ্ববিদ্যালয়ত কোৱাৰেণ্টান অৱস্থাত থকা ভগীৰথী ভুমিজ নামৰ লোকজনো বহিৰাজ্যৰ পৰা আহি পোনে পোনে উক্ত কোৱাৰেণ্টাইন কেন্দ্ৰত কোৱাৰেণ্টাইন আছিল। অৱশ্যে বৰ্তমান পৰ্যন্ত লোকজনৰ ঠিকনা সন্দৰ্ভত কোনো তথ্য ওদালগুৰি জিলা প্ৰশাসনৰ হাতলৈ অহা নাই।

দুয়োগৰাকী কোৰোনাত আক্ৰান্ত ৰোগীৰ প্ৰত্যক্ষ বা পৰোক্ষভাৱে ওদালগুৰি জিলাৰ লগত বৰ্তমানেও সম্পৰ্ক ঘটা নাই। ইফালে ওদালগুৰি জিলাখনলৈ আজিপৰ্যন্ত বহিঃৰাজ্যৰ পৰা আহিল ৫৪৫ গৰাকীকৈ লোক। এই লোকসকলক ওদালগুৰি জিলাৰ বিভিন্ন অস্থায়ী কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত ৰখা হৈছে।

ইয়াৰে ভিতৰত ২১ জনক ভুটিয়াচাং চাহ বাগিছা, ৩ জনক নোনাইপাৰা চাহ বাগিছা, ৬জনক কোৰামোৰ চাহ বাগিছা, এজনক বাদলাপাৰ চাহ বাগিছা, ৫৭ জনক সপখাইটিস্থিত শিৱিৰত, এজন ডিমাকুচি চাহ বাগিছাত, ৮১ জনক দণ্ড চহৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৬ জনক হৰিশিঙা মডেল হস্পিতালত, ৪জনক ভেৰগাওঁ মডেল হস্পিতালত, এজনক ধনশ্ৰী প্ৰাথমিক চিকিৎস কেন্দ্ৰত, ২৪ জনক হাতীগড় চাহ বাগিছা, ১৮ জনক কলাইগাওঁ মডেল হস্পিতাল, ১৪ জনক ৰৌতা মডেল হস্পিতাল, ১৪ জনক গেলেক্সী ল'জ, ২৬ জনক কলাইগাওঁ কণিষ্ঠ মহাবিদ্যালয়, এজনক মাজবাট স্বাস্থ্যকেন্দ্ৰত, এজনক বাহিপুখুৰী চাহ বাগিছা, ১১০ জনক ওদালগুৰি মহাবিদ্যালয়, ৫১ জনক ওদালগুৰি ছোৱালী হাইস্কুল ছাত্ৰী নিৱাস, ২২ জনক সোনাইগাও শিৱিৰ, ২০ জনক ওৰাংস্বাস্থ্য কেন্দ্ৰ আৰু ৬৩ জন লোকক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিয়া হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in