ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন…

ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো স্বাস্থ্যকৰ্মীৰ দলক কোৱাৰেণ্টাইন…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ প্ৰথমটো চিকিৎসাকৰ্মীৰ দলক মঙলবাৰে কোৱাৰেন্টাইনলৈ প্ৰেৰণ কৰা হয়। কোৰোনাত আক্ৰান্ত ৰোগীৰ সৈতে ৭ দিন ধৰি চলি থকা চিকিৎসাৰ অন্তত মঙলবাৰে স্বাস্থ্যকৰ্মীৰ দলটোক ৭ দিনৰ বাবে কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হয়।

২২ জনীয়া এই চিকিৎসাকৰ্মীৰ দলটোত আছে ৩ গৰাকী চিকিৎসক, ১২ গৰাকী নাৰ্ছ, ৩ গৰাকী লেবৰেটৰী টেকনিচিয়ান, ৩ গৰাকী ক্লিনাৰ আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে। এওঁলোকক মঙলবাৰে ভৈৰৱকুণ্ডস্থিত ধনশ্ৰী ৰিজৰ্টত স্থাপন কৰা কোৰান্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে, বিগত ২৬ মে' তাৰিখে ওদালগুৰি জিলাৰ ভিতৰত কোৱাৰেণ্টাইনৰত অৱস্থাত থকা প্ৰথমগৰাকী লোকৰ দেহত কৰ'না ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছিল। পাছত নিশাই লোকজনক ওদালগুৰি অসামৰিক চিকিৎসালয়ৰ আইছ'লেশ্যন কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

উক্ত দিনটোৰ পৰা কোৰোনাত আক্ৰান্ত ৰোগীৰ চিকিৎসাত ব্যস্ত হৈ ৭ দিনৰ মূৰত স্বাস্থ্যকৰ্মীৰ দলটোক কোৱাৰেণ্টাইনলৈ প্ৰেৰণ কৰা হয়। কোৱাৰেণ্টাইনলৈ প্ৰেৰণৰ পূৰ্বে ওদালগুৰি অসামৰিক চিকিৎসালয় প্ৰাঙ্গণত দলটোক গামোচাৰে সম্বৰ্দ্ধনা জনাই জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই। উপায়ুক্তগৰাকীয়ে চিকিৎসাকৰ্মীৰ এই দলটোক প্ৰশংসা কৰি তেওঁলোকৰ দৰে স্বাস্থ্যকৰ্মীয়ে দিনে নিশাই কৰি অহা সংগ্ৰাম আৰু ত্যাগৰ বাবেই বৰ্তমান দেশখনে কৰ'নাৰ সৈতে যুজ কৰি যাবলৈ সক্ষম হৈছে।

এই কাৰ্যসূচীত উপস্থিত থাকে স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সঞ্চালক তৈয়বুৰ ৰহমান, জিলা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক সুদীপ ৰঞ্জন দেৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া। ইফালে বহিঃৰাজ্যৰ পৰা আজি পৰ্যন্ত জিলাখনলৈ আহিছে ২১১৮ গৰাকী যাত্ৰী। তেওঁলোকক জিলাখনৰ বিভিন্ন কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও সোমবাৰলৈকে জিলাখনৰ ৭৪০ গৰাকী লোকক কোৱাৰেন্টাইনৰ পৰা মুকলি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in