ওদালগুৰিত চাইল্ড লাইনৰ শাখা মুকলি…

ওদালগুৰিত চাইল্ড লাইনৰ শাখা মুকলি…

ডিজিটেল সংবাদ, ওদালগুৰিঃ "দেশৰ লগতে অসমতো নিৰ্মূল হ'ব লাগিব শিশু শ্ৰমিক। পূৰ্বে ওদালগুৰিৰ বিভিন্ন প্ৰান্তত শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান চলাই বহু শিশু উদ্ধাৰ কৰা হৈছে। কিন্তু উপযুক্ত ব্যৱস্থা নথকাৰ বাবে কৰবাত সুৰুঙা ৰৈ গৈছিল। অভিযানৰ পূৰ্বেই অভিযুক্তই সতৰ্ক হৈ পৰিছিল। কিন্তু এতিয়াৰ পৰা শিশু শ্ৰমিকৰ বিৰুদ্ধে অভিযান আৰু অধিক তীব্ৰতৰ কৰা হ'ব। যিকোনো সময়ত যিকোনো মূহুৰ্ততে এনে অপৰাধৰ বিৰুদ্ধে চলোৱা হ'ব জোৰদাৰ অভিযান। ইয়াৰ বাবে ইতিমধ্যে গঠন কৰা হৈছে টাৰ্ছ ফ'ৰ্চ" -এই মন্তব্য ওদালগুৰি জিলাৰ মাজবাটৰ শিশু শ্ৰমিক পৰিদৰ্শক বিষয়া দেইটি ৰয় চৌধুৰীৰ।

শুকুৰবাৰে বিয়লি ওদালগুৰি জিলাৰ গোলমাগাওঁ তিনিআলিত এক চাইল্ড লাইনৰ শাখা মুকলি অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য প্ৰকাশ কৰে বিষয়াগৰাকীয়ে। ভাৰত চৰকাৰৰ মহিলা আৰু শিশু বিকাশ মন্ত্ৰণালয়ৰ অধীনত আৰু ওদালগুৰি জিলাৰ টংলাৰ ৰুৰেল অৰ্গেনাইজেশ্বন ফৰ ছ'চিয়েল চাৰ্ভিছ চমুকৈ ৰ'জ(ROSS) নামৰ এটি বেচৰকাৰী সংগঠনৰ সৌজন্যত আৰম্ভ হোৱা চাইল্ড লাইনৰ শাখাটি মুকলি কৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে জিলা আৰক্ষী অধীক্ষক ৰিপুল দাসে।

শাখাটো মুকলি কৰি প্ৰদান কৰা ভাষণত উপায়ুক্ত গৰাকীয়ে কয় যে- বৰ্তমান সমাজত শিক্ষাৰ মানদণ্ড উন্নত হোৱাৰ সমান্তৰালভাৱে সমাজত দেখা দিছে বিভিন্ন নতুন নতুন সমস্যা বা অপৰাধৰ। বিশেষকৈ শিশুজনিত অপৰাধে অধিকভাৱে গা কৰি উঠিছে। ওদালগুৰি জিলাখনৰ অৰুণাচল-অসম আৰু অসম-ভূটান সীমান্তৱৰ্তী অঞ্চলত এনেধৰণৰ অপৰাধ অধিক পৰিমাণে বৃদ্ধি পাইছে। কেৱল কঠোৰতকৈ কঠোৰ আইন প্ৰণয়ন তথা শাস্তি প্ৰদানেৰে এনে সমস্যা বা অপৰাধ ৰোধ কৰিব পৰা নাযাব। এইক্ষেত্ৰত সমাজ তথা অভিভাৱকসকল সচেতন হৈ মানসিকভাৱে আগবাঢ়ি আহিব লাগিব। এতিয়া এনে ধৰণৰ অপৰাধৰ বিৰুদ্ধে এক যুদ্ধ ঘোষণা কৰাৰ সময় আহি পৰিছে, যাৰ জৰিয়তে এনে অপৰাধবোৰ হ্ৰাস হৈ হৈ এসময়ত নিৰ্মূল হৈ পৰে।

অনুষ্ঠানটিত উপস্থিত থাকি জিলা আৰক্ষী অধীক্ষকে সৰ্বতোপ্ৰকাৰে চাইল্ড লাইনক সহায় কৰাৰ আশ্বাস প্ৰদান কৰি কয় যে ইয়াৰ পূৰ্বে আমি এনেধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হ'লে যথেষ্ট অসুবিধাত পৰিছিলো। কিয়নো এনে অপৰাধৰ ক্ষেত্ৰত চলোৱা অভিযানকালত উদ্ধাৰ হোৱা ভুক্তভোগীক থানা অথবা আৰক্ষীৰ ব্যৱস্থাপনাত ৰাখিব নোৱাৰি যদিও বিভিন্ন সময়ত এইসকল ভুক্তভোগীক ৰখাৰ বাবে উপযুক্ত স্থানৰ অভাৱ হৈছিল। কিন্তু আজিৰ পৰা এই সমস্যা ক্ৰমাৎ দূৰ হৈ পৰিল।

আনহাতে জিলাখনত মহিলা বিষয়াৰ অভাৱৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত সকলো মহিলাক স্বেচ্ছাই এনে ধৰণৰ কাৰ্যত জড়িত হ'বলৈ আগবাঢ়ি অহাৰ আহ্বান জনায় দাসে। শাখাটো পৰিচালনাৰ দ্বায়িত্বত থকা ব্যক্তিসকলে ২৪ ঘণ্টাই এই সেৱা মুকলি থকাৰ কথা কৈ এনে ধৰণৰ যিকোনো সমস্যাৰ বাবে ১০৯৮ নম্বৰত যোগাযোগৰ আহ্বান জনায়। শুকুৰবাৰৰ এই চিল্ডলাইনৰ শাখা মুকলি অনুষ্ঠানত উপস্থিত থাকে জিলা শিশু সুৰক্ষা বিষয়া গৌতম চহৰীয়া, ৰ'জ নামৰ সংগঠনটোৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে যোগেশ বৰা, ললিত বড়ো, টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দূৰ্গা কিংকৰ শৰ্মাৰ লগতে সংগঠনটোৰ সৈতে জড়িত কৰ্মচাৰী তথা সদস্যসকল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in