ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী

ওদালগুৰিত ট্ৰাইবেল সমন্বয়ৰক্ষী সংগঠনৰ জোঁৰ সমদল, এনআৰচিৰ ১৯৫১ ভিত্তিবৰ্ষ আদৰণীয়, কিন্তু কেব মানি নলওঃ গোবিন্দ বসুমতাৰী

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসমৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি চমুকৈ চিচিটোৱাৰ উদ্যোগত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিতো জোঁৰ সমদল বাহিৰ কৰা হয়। বিশেষকৈ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক বাতিলৰ দাবীৰে ওদালগুৰি গোলমা চ'কৰ পৰা উলিওৱা এই সমদলত কেইবা শতাধিক প্ৰতিবাদকাৰীয়ে হাতে-হাতে জোঁৰ লৈ "ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, আমাৰ দাবী মানি লওঁক, বৰ্তমানৰ জনজাতি লোকৰ অধিকাৰ খৰ্ব কৰাটো মানি নলওঁ" ইত্যাদি উত্তাল শ্লোগানেৰে ওদালগুৰি শ্বহীদ বেদী প্ৰাঙ্গণত সমদলটিৰ সামৰণি পৰে।

সমদলত অংশগ্ৰহণ কৰি এনডিএফবি(প্ৰ)ৰ সভাপতি গোবিন্দ বসুমতাৰীয়ে আগন্তুক সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত সম্ভাব্য গৃহীত হ'বলগীয়া ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখন উত্থাপন নকৰিবলৈ সকিয়নী প্ৰদান কৰে। বসুমতাৰীয়ে লগতে কয় যে, এই বিধেয়কখন গৃহীত হ'লে বৰ্তমানৰ জনজাতিসকল ক্ষতিগ্ৰস্থ হ'ব। নিজকে উন্নত জাতি বুলি দাবী কৰা একাংশ জনগোষ্ঠীক জনজাতিকৰণ কৰিলে বৰ্তমানৰ জনজাতিকৰণৰ আওঁতাত থকা জনগোষ্ঠীসকলৰ অধিকাৰ খৰ্ব কৰা হ'ব। প্ৰতিবাদৰ পাছতো এনে বিধেয়ক গৃহীত কৰিবলৈ গ'লে অসমৰ পৰিস্থিতি ভয়ংকৰ হব বুলি উল্লেখ কৰে।

ইফালে কেন্দ্ৰীয় চৰকাৰখনে নতুনকৈ দেশজুৰি প্ৰস্তুত কৰিবলগীয়া এনআৰচি সন্দৰ্ভত গ্ৰহণ কৰা স্থিতিক বসুমতাৰীয়ে আদৰণী জনোৱাৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়কখন মানি নোলোৱাৰ দাবী কৰে। প্ৰতিবাদস্থলীত উপস্থিত থাকি পিজেএচিবিএমৰ মূখ্য আহ্বায়ক ৰাকেশ বড়োৱে কেন্দ্ৰীয় চৰকাৰক হুংকাৰ প্ৰদান কৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়ক গৃহীত হ'লে অসম জ্বলাৰ হুংকাৰ প্ৰদান কৰে। কেব সন্দৰ্ভত নেতাজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিজেপিয়ে কেৱল নিজৰ ৰাজনৈতিক স্বাৰ্থৰ বাবে এই বিধেয়কখন গৃহীত কৰিবলৈ ওলোৱা বুলি জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in