ওদালগুৰিত কেবৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ, মধ্যাহ্ন ভোজনৰ নামত ভেকোভাওনা শীঘ্ৰে বন্ধ কৰাৰ দাবী

ওদালগুৰিত কেবৰ বিৰুদ্ধে আছুৰ উত্তাল প্ৰতিবাদ, মধ্যাহ্ন ভোজনৰ নামত ভেকোভাওনা শীঘ্ৰে বন্ধ কৰাৰ দাবী

ডিজিটেল সংবাদ, ওদালগুৰিঃ নাগৰিকত্ব সংশোধনী বিধেয়ক, ২০১৬ বিৰোধীতাৰে সোমবাৰে ওদালগুৰি চহৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে। সদৌ ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত সোমবাৰে ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীত জিলাখনৰ কেইবাটাও আঞ্চলিক ছাত্ৰ সন্থাই অংশগ্ৰহণ কৰি হাতে হাতে প্লেকাৰ্ড লৈ বিধেয়কখন বাতিলৰ দাবী উত্থাপন কৰে। কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছু নেতৃত্বই এই জাতিবিৰোধী আইন কেতিয়াও মানি নোলোৱাৰ হুংকাৰ প্ৰদান কৰি ইয়াৰ বিৰুদ্ধে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদান কৰে।

ওদালগুৰি চহৰৰ মাজেৰে সমদল কৰি ৰাজ্য চৰকাৰ হুচিয়াৰ, কেব বাতিল কৰক, হঠকাৰী সিদ্ধান্ত মানি লোৱা নহ'ব, কেন্দ্ৰ-ৰাজ্য চৰকাৰ হুচিয়াৰ ইত্যাদি শ্লেগান প্ৰদান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে বৰ্তমান ৰাজ্যজুৰি মধ্যাহ্ন ভোজনক লৈ চলি থকা প্ৰতিক্ৰিয়া সম্বন্ধত ক্ষোভ প্ৰকাশ কৰি এনে ভেকোভাওনা বন্ধ কৰি শীঘ্ৰে পূৰ্বৰ ৰান্ধনী-সহায়িকাসকলক নিজৰ ৰন্ধন কাৰ্যত নিয়োজিত কৰাৰ বাবে দাবী উত্থাপন কৰে।

সোমবাৰৰ কাৰ্যসূচীত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য বিতোপন দাস, ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি-ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ক্ৰমে প্ৰাঞ্জল পাটোৱাৰী আৰু বিপুল ৰঞ্জন লহকৰৰ লগতে জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ কৰ্মী আৰু বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in