ওদালগুৰিত ‘কা’ বিৰোধী প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি…

ওদালগুৰিত ‘কা’ বিৰোধী প্ৰতিবাদৰ মাজতে উত্তপ্ত পৰিস্থিতিঃ আৰক্ষীৰে প্ৰতিবাদকাৰীৰ হতাহতি…

ডিজিটেল সংবাদ, ওদালগুৰিঃ পুনৰ ৰাজ্যজুৰি আৰম্ভ হৈছে 'কা' বিৰোধী গণ আন্দোলন। শুকুৰবাৰে ৰাজ্যজুৰি আছুৱে উলিয়াই জোঁৰ সমদল। কিন্তু এই প্ৰতিবাদৰ মাজতে ওদালগুৰিত প্ৰতিবাদকাৰী-আৰক্ষীৰ মাজত তীব্ৰ হতাহতি পৰিৱেশৰ সূচনা হয়। ওদালগুৰি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত উলিয়াৱ বিচৰা এই জোঁৰ সমদলক বাধা দিয়াৰ উদ্দেশ্যে পূৰ্ৱৰে পৰা সাজু হৈ আছিল আৰক্ষী। কিন্তু ইয়াৰ পাছতে আছুৰ এটা দলে অন্য এক স্থানৰ পৰা জোঁৰ সমদল বাহিৰ কৰি কালী মন্দিৰ হৈ ওদালগুৰি শ্বহীদবেদীৰে চহৰৰ মাজমজিয়ালৈ জোৰ সমদল বাহিৰ কৰে‌।

প্ৰতিবাদকাৰী সকলে 'কা' আমি নামানো, কেন্দ্ৰীয় চৰকাৰ হায়-হায়, নৰেন্দ্ৰ মোদী অমিত শ্বাহ মুৰ্দাবাদ ইত্যাদি শ্লোগানেৰে সমদলটি উত্তাল কৰি তোলে। কিন্তু সমদলটিয়ে চহৰখনৰ মাজমজিয়ালৈ আহিবলৈ চেষ্টা কৰাত শ্বহীদবেদীৰ সন্মুখতে আৰক্ষীয়ে প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা কৰে। ইয়াৰে পাছত আছুকৰ্মী আৰু আৰক্ষীৰ সৈতে হতাহতিৰ সৃষ্টি হয়। পাছত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি থানালৈ লৈ যায়।

আটকাধীন অৱস্থাত আছুৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক জয়ন্ত কুমাৰ ভট্টাচাৰ্য‌ই চৰকাৰৰ এই স্বেচ্ছাচাৰী চৰিত্ৰক তীব্ৰ ভাষাৰে গৰিহনা দি আৰক্ষীক প্ৰতিবাদকাৰীসকলৰ ওপৰত এনে বৰ্বৰতা নকৰিবলৈ হুংকাৰ দিয়ে। আটকাধীন সকলৰ ভিতৰত আছে আছুৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিতোপন দাসৰ লগতে জিলা আছুৰ সভাপতি-সাধাৰণ সম্পাদক ক্ৰমে- প্ৰাঞ্জল পাটোৱাৰী, বিপুল ৰঞ্জন লহকৰসহ ২৭ জন প্ৰতিবাদকাৰীক আটক কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in