ওদালগুৰিত বিশাল বাইক ৰেলী, স্বাধীনতা দিৱস পালনৰ আহ্বান ডিআইজিৰ…

ওদালগুৰিত বিশাল বাইক ৰেলী, স্বাধীনতা দিৱস পালনৰ আহ্বান ডিআইজিৰ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ দেশৰ ৭৩ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত বুধবাৰে সন্ধিয়া ৫-৩০ বজাত ওদালগুৰিত জিলা আৰক্ষী বিভাগৰ উদ্যোগত আৰু ওদালগুৰি ৰাইডাৰ্চৰ সহযোগত এক বিশাল বাইক ৰেলী উলিওৱা হয়। ওদালগুৰি ৰাজহুৱা দূৰ্গা মণ্ডপ প্ৰাঙ্গণৰ পৰা উলিওৱা এই বাইক ৰেলীত ওদালগুৰিৰ লগতে বিভিন্ন প্ৰান্তৰ প্ৰায় শতাধিক বাইকাৰ্ছে অংশগ্ৰহণ কৰে।

প্ৰতিখন বাহনত জাতীয় পতাকা আৰি ৰাজহুৱা দূৰ্গা মণ্ডপৰ পৰা ৰেলীটো আৰম্ভ হৈ চহৰখনৰ মাজেৰে পৰিভ্ৰমণ কৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ মাজেৰে পাৰ হৈ পুনৰ একে স্থানতে সামৰণী পৰে। বাইক ৰেলীত অংশগ্ৰহণ কৰে বিটিএডিৰ ডিআইজি সত্যৰাজ হাজৰিকাৰ লগতে জিলা আৰক্ষী অধীক্ষক লংণিট টেৰাং। হাজৰিকাই সকলোকে মুকলিভাৱে স্বাধীনতা দিৱস পালনৰ বাবে ওলাই আহিবলৈ আহ্বান জনায়। অসমত শান্তিৰ বাতাৱৰণ সৃষ্টিৰ বাবে বাইক ৰেলীত অংশ লৈ সকলোকে আহ্বান জনালে তেওঁ।

ইফালে ওদালগুৰি জিলা উপায়ুক্ত লংণিট টেৰাঙে কোনো ভয়-শংকা নোহোৱাকৈ দেশৰ স্বাধীনতা দিৱস পালনৰ বাবে সকলোকে মাৰ বান্ধি ওলাই অহাৰ বাবে আহ্বান জনায়। এই বিশাল বাইক ৰেলীত জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মায়ং কুমাৰ, উপ-আৰক্ষী অধীক্ষক মইদুল ইছলামৰ লগতে ওদালগুৰি জিলা আৰক্ষী বিভাগৰ বিষয়াসকল উপস্থিত থাকে। এই কাৰ্যসূচীৰ অন্তত ওদালগুৰি ৰাজহুৱা দূৰ্গা পূজা মণ্ডপস্থলীত প্ৰদৰ্শনী, তথ্যচিত্ৰ প্ৰদৰ্শনৰ লগতে টংলাৰ দাপোন নামৰ বিশেষ দলটোৰ দ্বাৰা বিভিন্ন কলা প্ৰদৰ্শণ কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in