ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত শনিবাৰে অনুষ্ঠান পৰিৱেশন কৰিব কল্পনা পাটোৱাৰীয়ে

ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত শনিবাৰে অনুষ্ঠান পৰিৱেশন কৰিব কল্পনা পাটোৱাৰীয়ে

ডিজিটেল সংবাদ, ওদালগুৰিঃ অসম তথা অন্য ৰাজ্যৰ পৰ্যটকেৰে উখল মাখল ওদালগুৰিৰ ভাৰত-ভূটান সীমান্তৰ ভৈৰৱকুণ্ড পযৰ্টনস্থলী যোৱা ৮ জানুৱাৰীৰ পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সপ্তম সংখ্যক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ শনিবাৰে অন্তিম দিন। পৰ্যটন মহোৎসৱৰ কাৰ্যসূচীত ভাগ লয় ৰাজ্যৰ বহুকেইগৰাকী শিল্পীয়ে। ৰাইজিং ষ্টাৰ নিকিতা বড়োৰ সংগীতানুষ্ঠান, এম চোনিক বেণ্ড কলকাতা, ৰাছিয়ান ফায়াৰ চো আদি আছিল বিশেষ আৰ্কষন।

জীপ চাফাৰী, হাতী চাফাৰী, হেলিকপ্টাৰ ৰাইডিংৰ আমেজ দিবলৈ সকলো ব্যৱস্থা কৰা হৈছিল মহোৎসৱত। ৮ জানুৱাৰীত মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ লগতে ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱটি আনুষ্ঠানিকভাৱে মুকলি কৰে উদযাপন সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰিহন দৈমাৰীয়ে। ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱত বিভিন্ন অনুষ্ঠানৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা প্ৰদৰ্শনী আৰু বিক্ৰীকেন্দ্ৰ, স্বচ্ছ গাওঁৰ আৰ্হি প্ৰস্তুত কৰি প্ৰদৰ্শনৰ ব্যৱস্থা কৰে।

৮ জানুৱাৰীত স্বচ্ছ গাৱঁৰ আৰ্হি মুকলি কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰী আৰু বিভাগীয় কাৰ্যবাহী অভিযন্তা প্ৰনৱ গোস্বামীয়ে। আৰনাই কালচাৰেল চচাইটিৰ উদ্যোগত আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগ, টংলা সংমণ্ডল আৰু ওদালগুৰি জিলা পানী আৰু অনাময় সমিতিৰ সহযোগত ৮ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ এখন গাঁও কেনেকৈ স্বচ্ছ ৰাখিব পাৰি, কেনেকৈ বীজানু মুক্ত কৰি ৰাখিব পাৰি তাক লৈ প্ৰদৰ্শনীৰ আয়োজন কৰে।

স্বচ্ছ গাৱঁৰ আৰ্হি প্ৰদৰ্শনীত দৈনিক হাজাৰ হাজাৰ দৰ্শকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। উদ্যোক্তাসকলে যিধৰনেৰে স্বচ্ছতা তথা বিশুদ্ধ খোৱাপানীৰ বিষয়সমূহ ৰাইজক প্ৰদৰ্শনীৰ দ্ধাৰা বুজাইছে তাক লৈ ৰাইজ আপ্লুত হৈছে। এই প্ৰদৰ্শনীয়ে কেনেদৰে খোৱাপানী বিশুদ্ধ কৰি সেৱন কৰিব লাগে, মুকলিত মল মূত্ৰ ত্যাগ নকৰি শৌচাগাৰ ব্যৱহাৰ কৰিব লাগে তাক লৈ জনসাধাৰনৰ মাজত এক শুভ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে।

মহোৎসৱস্থলীত স্বচ্ছ গাৱঁৰ আৰ্হি প্ৰস্তুত কৰি জনসাধাৰনক বিশুদ্ধ খোৱাপানী, স্বচ্ছতা আদিৰ বিষয়ে অৱগত কৰা বাবে আৰনাই কালচাৰেল চচাইটি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, টংলা সংমণ্ডল, ওদালগুৰি জিলা পানী আৰু অনাময় সমিতিক ৰাইজে বিশেষভাৱে প্ৰশংসা কৰিছে।

প্ৰদৰ্শনীৰ টিকটৰ হিচাব অনুসৰি প্ৰতিদিনে প্ৰায় পাঁচৰ পৰা দহ হাজাৰ লোকৰ সমাগম হোৱা বুলি প্ৰকাশ কৰে উদযাপন সমিতিয়ে। শনিবাৰে অন্তিম দিনৰ নিশা সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠান পৰিৱেশন কৰিব ভোজপুৰী সংগীতৰাণী খ্যাত কল্পনা পাটোৱাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in