ওদালগুৰিৰ ভৈৰৱকুণ্ডত অঘটন, গা ধুবলৈ গৈ উটি গ’ল কলেজীয়া শিক্ষাৰ্থী, ঘটনাৰ চাৰি ঘণ্টা পাছতো নাই উদ্ধাৰকাৰী বাহিনী, VIDEO

ওদালগুৰিৰ ভৈৰৱকুণ্ডত অঘটন, গা ধুবলৈ গৈ উটি গ’ল কলেজীয়া শিক্ষাৰ্থী, ঘটনাৰ চাৰি ঘণ্টা পাছতো নাই উদ্ধাৰকাৰী বাহিনী, VIDEO

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ভৈৰৱকুণ্ডৰ ধনশিৰি নৈত সোমবাৰে বিয়লি সংঘটিত হয় এক অঘটন। নদীত গা ধুবলৈ গৈ এজন যুৱক উটি যায় নদীৰ খৰস্ৰোতা সোঁতত। উটি যোৱা যুৱকজনৰ নাম ওদালগুৰিৰ পুষ্পনগৰৰ পিতৃ খনিন শৰ্মা আৰু মাতৃ পাৰুল শৰ্মাৰ একমাত্ৰ পুত্ৰ সন্তান কৌশিক শৰ্মা(২১)। ঘটনা সম্পৰ্কে বন্ধুকেইজনে দিয়া বিৱৰণী অনুসৰি গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখাত তৃতীয় ষান্মাসিকত অধ্যয়ণৰত কৌশিকে সোমবাৰে দিনৰ প্ৰায় ১২ বজাত আন চাৰিজন বন্ধু ক্ৰমে কুমুদ সোনোৱাল, নিতিশ কুমাৰ বড়ো, বিশাল সৰকাৰ আৰু সাগৰ আট্ৰিৰ সৈতে ভৈৰৱকুণ্ডলৈ যায়।

ইয়াৰ পাছত কেউজন বন্ধুৱে ভৈৰৱকুণ্ডস্থিত ধনশিৰি নদীৰ পাৰত কিছুসময় বহি ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি থকাৰ সময়তে বিয়লি প্ৰায় ২ বজাত কৌশিকে গা ধুবলৈ নদীৰ ওচৰলৈ নামি যায়। ফেনে ফোটোকাৰে বাঢ়ি অহা নদীৰ ঢলে মূহুৰ্ততে কৌশিকক টানি নিয়ে। এই দৃশ্য প্ৰত্যক্ষ কৰাত উপস্থিত বন্ধু এজনে কৌশিকক বচাবলৈ চেষ্টা কৰে যদিও নদীৰ প্ৰৱল সোঁতে কৌশিকক বহুদূৰ আতৰলৈ লৈ যায়।

পাছত ঘটনা সন্দৰ্ভত বন্ধুকেইজনে ভৈৰৱকুণ্ড আৰক্ষীক খবৰ দিয়ে‌। ঘটনাটো অৰুণাচল সীমান্তত সংঘটিত হোৱা হেতুকে অৰুণাচলৰ বালেমু আৰক্ষী আৰু ভৈৰৱকুণ্ড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। কিন্তু পৰিতাপৰ বিষয় যে ওদালগুৰি জিলাত এনডিআৰএফ বা এছডিআৰএফৰ বাহিনী নথকাৰ বাবে মঙলদৈৰ এছডিআৰএফ বাহিনীক খবৰ দিয়া হয়।

আনহাতে অৰুণাচলৰ বালেমুস্থিত এছএছবিৰ এনডিআৰএফ বাহিনীক খবৰ দিয়ে যদিও ঘটনা সংঘটিত হোৱাৰ চাৰি ঘণ্টা পাছতো উদ্ধাৰকাৰী বাহিনী ঘটনাস্থলীত উপস্থিত নহ'ল। ইফালে ওদালগুৰি জিলা উপায়ুক্ত দিলীপ দাসৰ লগতে লগতে জিলা উপ আৰক্ষী অধীক্ষক মইদুল ইছলাম ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে উদ্ধাৰ কাৰ্য সন্দৰ্ভত পৰ্যালোচনা কৰে। কিন্তু যি সময়ত বানপানীৰ বাবে উদ্ধাৰকাৰী বাহিনীক সাজু কৰি ৰখা বুলি চৰকাৰ তথা প্ৰশাসনে ঘোষণা কৰিছে তেনে সময়তে ঘটনা সংঘটিত হোৱাৰ চাৰি ঘণ্টা পাছতো ঘটনাস্থলীত উদ্ধাৰকাৰী বাহিনী উপস্থিত নোহোৱাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাৰ বিষয়ে ওদালগুৰিত খবৰ বিয়পি পৰাত কৌশিকৰ পুষ্পনগৰস্থিত বাসগৃহত ৰাইজ আৰু বন্ধুবৰ্গই ভিৰ কৰে। কৰ্মসূত্ৰে গুৱাহাটীত থকা পিতৃয়ে ঘটনাৰ বিষয়ে অৱগত হৈ ওদালগুৰিলৈ ৰাওনা হোৱাৰ কথা জানিব পৰা গৈছে। কিন্তু পৰিয়ালৰ সূত্ৰে জানিবলৈ দিয়া অনুসৰি কৌশিকে টংলালৈ চিনেমা চাবলৈ মাকৰ পৰা তিনিশ টকা লৈ গৈছিল। কিন্তু ঘটনা সংঘটিত হোৱাৰ পাছতহে প্ৰকৃত সত্য পোহৰলৈ আহে। এগৰাকী ছাত্ৰৰ মৃত্যুত সমগ্ৰ ওদালগুৰিতে শোকৰ ছাঁ পৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in