৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

৮ জানুৱাৰীৰ পৰা অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱ

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত বছৰসমূহৰ দৰে এইবেলিও ওদালগুৰি জিলাৰ উত্তৰে অসম, অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ত্ৰিৱেণী সঙ্গম ভৈৰৱকুণ্ডত অষ্টম বাৰ্ষিক ভৈৰৱকুণ্ড পৰ্যটন মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱটি সৰ্বাংগ সুন্দৰ আৰু সুচাৰুৰূপে পৰিচালনাৰ উদ্দেশ্যে শনিবাৰে ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হৈ যায়। অসম চৰকাৰৰ মন্ত্ৰী ৰিহন দৈমাৰী, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা আৰক্ষী অধীক্ষক লংণিত টেৰাং, বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ লগতে ওদালগুৰিৰ বহু বিশিষ্ট ব্যক্তি তথা বিভিন্ন বিভাগৰ মুৰব্বীসকল উপস্থিত থকা সভাখনত বহুকেইগৰাকী লোকে মহোৎসৱটি সন্দৰ্ভত মতামত আগবঢ়ায়।

কেৱল মাত্ৰ এখন মেলা পাতি এই মহোৎসৱ উদযাপন কৰাতকৈ ইয়াৰ জৰিয়তে যাতে ভৈৰৱকুণ্ড‌ই এক পৰ্যটনস্থলী হিচাপে সকলোৰে সমাদৰ লাভ তথা অসমৰ উপৰিও অৰুণাচল প্ৰদেশ আৰু ভূটানৰ ৰাইজৰ বাবে ই এক আকৰ্ষণৰ স্থল হিচাপে পৰিগণিত হৈ উঠে সেই বিষয়টোত দৃষ্টি ৰখাৰ আহ্বান জনায় মন্ত্ৰী ৰিহন দৈমাৰীয়ে। পূৰ্বৰ বিভিন্ন আকৰ্ষণীয় খেলৰ উপৰিও নতুন প্ৰজন্মক আকৰ্ষণৰ বাবে এইবাৰৰ মহোৎসৱখনিক এক পৃথক ৰূপ দিয়াৰ বাবে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ লগতে আৰক্ষী অধীক্ষক লংণিত টেৰাঙে মন্তব্য প্ৰদান কৰে।

মহোৎসৱখনিৰ প্ৰচাৰ সন্দৰ্ভত এইবাৰ অধিক গুৰুত্ব দিয়াৰ কথা কয় উপস্থিত লোকসকলে। শনিবাৰে অনুষ্ঠিত হৈ যোৱা সভাখনতে আগন্তুক ৮ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া মহোৎসৱখনিৰ বাবে মন্ত্ৰী ৰিহন দৈমাৰীক সভাপতি উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক কাৰ্যকৰী সভাপতি, আৰক্ষী অধীক্ষক লংণিত টেৰাং আৰু বিধায়ক চৰণ বড়ো উপ-সভাপতি, বিটিচি অধ্যক্ষ ত্ৰিদীপ দৈমাৰীক কোষাধ্যক্ষ, এমচিএল‌এ ৰিপেন দৈমাৰীক মূখ্য আহ্বায়ক আৰু ৰবিনচন দৈমাৰী, ৰমেশ দাহাল, ডালিম বায়ন, যতীন ৰাজবংশী আৰু বিৰাজ বৰুৱাক আহ্বায়ক হিচাপে লৈ মূল সমিতিখন গঠন কৰা হয়। পৰৱৰ্তী সময়ত মহোৎসৱখনি উদযাপনৰ বাবে আন আন উপ-সমিতিসমূহ গঠন কৰা হ'ব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in