ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো…VIDEO

ওৰাঙত বজ্ৰ পৰি স্কুলীয়া ছাত্ৰী নিহত, এহাল দম্পত্তিসহ আহত কেইবাজনো…VIDEO

ডিজিটেল সংবাদ, ওদালগুৰিঃ ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাৰ অন্তৰ্গত সোণাজুলিত আজি সংঘটিত হয় এক কৰুণ ঘটনা। পথাৰত ভূই ৰুই থকা অৱস্থাত আকস্মিকভাৱে বজ্ৰ পৰাত ঠিতাতে নিহত হয় সোণালী গাওঁৰ এগৰাকী স্কুলীয়া ছাত্ৰী। লগতে আহত হয় আন এগৰাকী যুৱতী।

প্ৰাপ্ত খবৰ অনুসৰি গেলাবিল মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী তথা সোণালী গাওঁৰ বাসিন্দা পিতৃ জিতেন গৌড়ৰ কন্যা সুণিতা গৌড়ে(১৩) গাওঁখনৰ আন যুৱতীৰ সৈতে সোণাজুলি গাওঁৰ পথাৰত ভূই ৰুই আছিল।

ঠিক তেনে অৱস্থাতে দিনৰ প্ৰায় ১২-৩০ বজাত আকস্মিকভাৱে বজ্ৰ পৰাত ঠিতাতে ঢলি পৰি মৃত্যু হয় সুণিতাৰ। লগতে একে স্থানতে থকা আন এগৰাকী যুৱতী ছিপালী গৌড়ো ঘটনাস্থলীতে অচেতন হৈ পৰে যদিও পৰৱৰ্তী সময়ত তেওঁৰ চেতনা ঘুৰি আহে। পাছত ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত দুয়োকে ভৰ্তি কৰে যদিও ইতিমধ্যে সুণিতাৰ মৃত্যু হয়।


ইপিনে আন এক ঘটনা সংঘটিত হয় একেখন আৰক্ষী থানাৰ অন্তৰ্গত ১ নম্বৰ দাহেৰুৱাত। এহাল দম্পত্তিয়ে পথাৰত কঠিয়া তুলি থকা অৱস্থাত দিনৰ প্ৰায় ১২-৩০ বজাত আকস্মিকভাৱে বজ্ৰ পৰাত স্বামী-স্ত্ৰীহাল ক্ৰমে টোকেন নাৰ্জাৰী আৰু বীণা মোছাহাৰী নাৰ্জাৰী আহত হয়।

ঘটনাটোত স্বামী টোকেন নাৰ্জাৰী মুৰ্চা যোৱাৰ লগতে পত্নী বীণা মোছাহাৰী নাৰ্জাৰী শৰীৰ কেইবা ঠাইটো অগ্নিদগ্ধ হয়। পাছত দুয়োকে ওৰাং প্ৰাথমিক চিকিৎসালয়লৈ নি চিকিৎসা প্ৰদান কৰা হয়। আহত কেউজনেই সংকটমুক্ত বুলি জানিব পৰা গৈছে। আহত টোকেন নাৰ্জাৰীক তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in