টংলাত নিৰীহ যুৱকক আৰক্ষীৰ নিৰ্যাতন! ১৫ আগষ্টৰ ভিতৰত অনুপ ৰাভাক মুক্তি নিদিলে ওদালগুৰি জিলা বন্ধৰ হুংকাৰ আৰছুৰ

টংলাত নিৰীহ যুৱকক আৰক্ষীৰ নিৰ্যাতন! ১৫ আগষ্টৰ ভিতৰত অনুপ ৰাভাক মুক্তি নিদিলে ওদালগুৰি জিলা বন্ধৰ হুংকাৰ আৰছুৰ

ডিজিটেল সংবাদ, টংলাঃ ওদালগুৰি জিলাৰ টংলা থানাৰ আৰক্ষীয়ে অনুপ ৰাভা নামৰ স্থানীয় যুৱকজনক নিয়ম বৰ্হিভূতভাৱে গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰাৰ অভিযোগ কৰি যুৱকজনক অতি শীঘ্ৰে আৰু বিনাচৰ্তে মুুুুকলি কৰি দিয়াৰ দাবীত শুকুৰবাৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ টংলা আঞ্চলিক সমিতিৰ উদ্যোগত টংলা নগৰত তিনি ঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷ আৰছুৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী সভাত টংলা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টংলা আঞ্চলিক সমিতি, ৰাভা নেশ্বনেল কাউঞ্চিল, ৰাভা ডেভলপমেণ্ট কাউঞ্চিল, ৰাভা মহিলা কল্যাণ পৰিষদ, ৰাভা সাহিত্য সভা আদি কেইবাটাও দল-সংগঠনৰ কেইবা শ প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

টংলা থানাৰ ছদ্মবেশী দালাল হুঁচিয়াৰ, শৈক্ষিক-বানিজ্যিক নগৰী টংলাবাসীক শান্তিত থাকিবলৈ দিয়ক, জীৱন আৰু সা-সম্পতিৰ নিৰাপত্তা সুনিশ্চিত কৰক, অনুপ ৰাভাক বিনাচৰ্তে মুক্তি দিয়ক আদি শ্লোগানেৰে টংলা নগৰৰ এমবি ৰোডৰ দাঁতিত সমবেত হোৱা প্ৰতিবাদস্থলীৰ আকাশ-বতাহ মুখৰিত কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷ আৰক্ষী সূত্ৰত প্ৰকাশ যে, ৪ আগষ্টৰ নিশা প্ৰায় ৯-৩০ বজাত নিজৰ দোকান বন্ধ কৰি টংলা নগৰৰ তিনি খণ্ডত থকা ঘৰলৈ গৈ থকা অৱস্থাত ভৱানী ৰাভাৰ পুত্ৰ অনুপ ৰাভা নামৰ যুৱকজনে বাট আগুচি ধৰি উমেশ মালাকাৰৰ পুত্ৰ জিৎ মালাকাৰক মাৰধৰ কৰাৰ উপৰি জাতি বিদ্বেষী মন্তব্য কৰাতে ক্ষান্ত নাথাকি প্ৰাণ নাশৰ ভাবুকি দিয়া বুলি জিৎ মালাকাৰে দিয়া এজাহাৰৰ ভিত্তিত ৫ আগষ্টত টংলা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধি আইনৰ কেইবাটাও ধাৰা প্ৰযোজ্য হোৱাকৈ গোচৰ ৰুজু কৰি অনুপ ৰাভাক জে'ল হাজোতলৈ প্ৰেৰণ কৰে।

আনহাতে আৰছুয়ে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰকপত্ৰত অভিযোগ কৰি কয় যে, দোকানীৰ সৈতে হোৱা সামান্য তৰ্কবাদৰ অচিলা লৈ টংলা থানাৰ উপ পৰিদৰ্শক জন খেংকৌই জগন্নাথ বনিয়া নামৰ লোকজনৰ সহযোগত ৫ আগষ্টত অনুপ ৰাভাক গ্ৰেপ্তাৰী পৰোৱানা অবিহনে দুপৰীয়া মাজ ৰাষ্টাৰ পৰা আটক কৰি আনি থানাত অমানুষিক শাৰিৰীক নিৰ্যাতন চলাই কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰাৰ ভাবুকি দিয়ে আৰু গোচৰ মীমাংসা কৰি দিয়াৰ বাবদ টংলা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী পৰিদৰ্শক বিষয়া দুৰ্গা কিংকৰ শৰ্মা আৰু উপ পৰিদৰ্শক জন খেংকৌৰ হৈ তুৰণ চন্দ্ৰ নাথ নামৰ আৰক্ষী বিষয়াজনে পৰিয়ালটোৰ পৰা পঞ্চাশ হাজাৰ টকা দাবী কৰে।

পৰিয়ালটোয়ে দাবী কৰা ধন দিয়াত অপাৰগতা প্ৰকাশ কৰাত টংলা আৰক্ষীয়ে অনুপ ৰাভাক মনেসজা গোচৰত অভিযুক্ত কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰে৷ সেয়ে উচ্চ শিক্ষিত অনুপ ৰাভা নামৰ যুৱকজনক অতি শীঘ্ৰে মুক্তি দিয়াৰ উপৰি নাগৰিকৰ জীৱন আৰু সা-সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত ধন লোভী আৰক্ষী বিষয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰি কঠোৰ শাস্তি বিহাৰ দাবী জনাই আৰছুৰ টংলা আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ ৰাভা আৰু সাধাৰণ সম্পাদক ৰাতুল ৰাভা স্বাক্ষৰিত স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

প্ৰতিবাদস্থলীত বক্তব্য আগবঢ়াই নিখিল ৰাভা সাহিত্য সভাৰ উপ-সভাপতি বাবুল চন্দ্ৰ ৰাভাই আৰক্ষীৰ এনে নিকৃষ্ট কাৰ্যক তীব্ৰ ভাষাৰে ভৎসনা কৰাৰ উপৰি ১৫ আগষ্টৰ ভিতৰত অনুপ ৰাভাক বিনাচৰ্তে মুকলি কৰি নিদিলে ওদালগুৰি জিলা বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম বুলি প্ৰশাসনক সকিয়াই দিয়ে৷ প্ৰতিবাদস্থলীত আৰছুৰ বিত্তীয় সম্পাদক হৰকান্ত ৰাভা, জিলা আৰছুৰ সভাপতি সমৰেন্দ্ৰ ৰাভা, ৰাভা নেশ্বনেল কাউঞ্চিলৰ জিলা সভাপতি-সম্পাদক দলৈ ৰাভা, সঞ্জয় ৰাভা, উপ-সভাপতি প্ৰফুল্ল ৰাভা, টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল ডেকা আদি উপস্থিত থাকি আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে প্ৰতিবাদী ভাষণ দিয়ে। শেহতীয়াকৈ জানিব পৰা অনুসৰি আৰক্ষীৰ জিম্মাত থকা অভিযুক্তক অমানুষিক নিৰ্যাতন চলোৱা বুলি অভিযোগ উঠা জন খেংকৌক নামৰ উপ-পৰিদৰ্শক(প্ৰবেশ্বনাৰী)জনক আৰক্ষী অধীক্ষকে ৰিজাৰ্ভ ক্ল'জ কৰিছে৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in