ওদালগুৰিত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ…

ওদালগুৰিত গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ…

ডিজিটেল সংবাদ, ওদালগুৰি: নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে এইবাৰ ওদালগুৰি চহৰৰ মাজমজিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্যই জ্বলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি। নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনাৰ নামত অসমৰ ছাত্ৰ সংগঠনৰ মতামতক ভেঙুচালি কৰি আলোচনাৰ কেইঘণ্টামান পাছতেই কেন্দ্ৰীয় কেবিনেটে বিধেয়কখন অনুমোদন জনোৱা কাৰ্যত ক্ষোভিত হৈ পৰে ছাত্ৰ সংগঠনটো।

সংগঠনটোৰ প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱালে জাতিৰ হৈ মাত মাতি কেব বাতিল কৰক, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হুচিয়াৰ, অমিত শ্বাহ মুৰ্দাবাদ ধ্বনি প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰতিমূৰ্তি দাহ কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংগঠনটোৰ জিলা সমিতিৰ উপদেষ্টা ধ্ৰুৱ নাৰায়ণ চৌধুৰীয়ে কয় যে- কেব নামৰ এখন বিধেয়ক অনাৰ বাবে চৰকাৰে অসমৰ ৰাইজৰ মতামতক জ্বলাঞ্জলি দিয়াটো মানি ল'ব নোৱাৰো‌।

বিধেয়কখন সন্দৰ্ভত অসমৰ ৰাইজৰ গণ ভোট লৈ চৰকাৰক সাহস দেখুৱাবলৈ তেওঁ প্ৰত্যাহ্বান জনাই কয় যে- বিধেয়কখন বাতিল নকৰিলে অসমৰ ৰাইজে সৰ্বানন্দ আৰু হিমন্তক কেতিয়াও ক্ষমা নকৰে। ইফালে, প্ৰতিবাদস্থলীত উপস্থিত থাকি জিলা যুৱ ছাত্ৰ পৰিষদৰ সভাপতি কণ্ঠ কুমাৰ দাসে প্ৰতিবাদস্থলীৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যক হু‌ংকাৰ প্ৰদান কৰি কয় যে. অসমৰ ৰাইজৰ বিপৰীতে স্থিতি গ্ৰহণ কৰিলে চৰকাৰে উপযুক্ত শিক্ষা পাব।অনাগত দিনত বিধেয়কখন বাতিল নকৰিলে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰে।

প্ৰতিবাদী কাৰ্যসূচীত জিলা জিলা সমিতিৰ সাধাৰণ সম্পাদক মণ্টু তালুকদাৰৰ লগতে ওদালগুৰি আঞ্চলিক সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে মঞ্জিল কুমাৰ দাস, প্ৰহ্লাদ তালুকদাৰৰ লগতে সংগঠনটোৰ বহু নেতা-কৰ্মী উপস্থিত থাকে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in