ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১

ওদালগুৰিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত-আহত ১

ডিজিটেল সংবাদ, ওদালগুৰিঃ পহিলা মাঘৰ নিশা ওদালগুৰি চহৰত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে। এই পথ দুৰ্ঘটনাটিত এগৰাকী যুৱকে প্ৰাণ হেৰুওৱাৰ লগতে আন এজন যুৱক গুৰুত্বৰভাৱে আহত হয়। ঘটনা সন্দৰ্ভত ওদালগুৰি আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিশা প্ৰায় ৯:৩০ বজাত ওদালগুৰি আৰক্ষী থানাৰ অন্তৰ্গত চন্দনা চ'কৰ সমীপৰ দলঙতে উক্ত পথ দুৰ্ঘটনাটি সংঘটিত হয়। ওদালগুৰিৰ পৰা টংলা অভিমুখে গৈ থকা অৱস্থাত দলঙখনৰ ডিভাইডাৰত তীব্ৰ বেগী কাৱাছিকী নিঞ্জা-৩০০ মটৰচাইকেলখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত মটৰচাইকেল চালক সিদ্ধাৰ্থজিৎ শৰ্মা(২৭) দলঙৰ তললৈ ছিটিকি পৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

লগতে মটৰ চাইকেলখনত থকা আনজন আৰোহী অসীম নাথ(২২) নামৰ যুৱকজনো দুৰ্ঘটনাৰ পাছত বহুদূৰলৈ ছিটিকি যায়। কিন্তু এই দুৰ্ঘটনা প্ৰত্যক্ষ কৰি মটৰচাইকেলখনৰ পিছে পিছে আহি থকা সেনা বাহিনীৰ জোৱানে দুৰ্ঘটনাত আহত দুয়োজনকে উদ্ধাৰ কৰি ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। অৱশ্যে চিকিৎসালয়ত সিদ্ধাৰ্থজিৎ শৰ্মাক চিকিৎসকে মৃত ঘোষণা কৰে।

অসম আৰক্ষীৰ সীমান্ত শাখাত কৰ্মৰত নিহত শৰ্মাৰ ঘৰ টংলা আৰক্ষী থানাৰ অন্তৰ্গত মিলনপুৰত হোৱাৰ বিপৰীতে আহত অসীম নাথৰ ঘৰ টংলাৰ জংগলপাৰাত বুলি জানিব পৰা গৈছে। ইফালে দুৰ্ঘটনা সংঘটিত হোৱা তিনি লক্ষাধিক টকা মূল্যৰ নিঞ্জা-৩০০ বাহনখনৰ সন্মুখভাগ বিধ্বস্ত হৈ পৰে। ওদালগুৰি অসামৰিক চিকিৎসালয়ত আজি নিহত সিদ্ধাৰ্থজিৎ শৰ্মাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি মৃতদেহ পৰিয়ালৰ লোকক গতাই দিয়ে। এই শোকাবহ দুৰ্ঘটনাৰ খবৰে সমগ্ৰ ওদালগুৰিতে শোকৰ ছাঁ পেলায়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in