ৰজাঘৰীয়াক সন্তুষ্ট কৰাৰ বাবে সীমান্ত আৰক্ষীয়ে ভাৰতীয় লোকক বিদেশী ঘোষণা কৰিছেঃ এবিএমছু

ৰজাঘৰীয়াক সন্তুষ্ট কৰাৰ বাবে সীমান্ত আৰক্ষীয়ে ভাৰতীয় লোকক বিদেশী ঘোষণা কৰিছেঃ এবিএমছু

ডিজিটেল সংবাদ, ওদালগুৰিঃ এসময়ৰ প্ৰাক্তন সেনা বিষয়া ছানা উল্লাহক বিদেশী সজাই শৰণাৰ্থী শিৱিৰলৈ প্ৰেৰণ কৰা ঘটনাক লৈ সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া তথা প্ৰতিবাদৰ সৃষ্টি হৈছিল। এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই পুনৰ স্বদেশী লোকক বিদেশী সজাই শৰণাৰ্থী শিৱিৰলৈ পঠিওৱা বুলি এইবাৰ অভিযোগ উত্থাপন কৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৱে।

সংগঠনটোৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিয়াৰুল হক আৰু আবুল কালাম আজাদ স্বাক্ষৰিত এক বিবৃতি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে। বিবৃতিটোত সংগঠনটোৱে উল্লেখ কৰি কয় যে, ওদালগুৰি জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত লাউদং গাঁৱৰ স্থানীয় বাসিন্দা নুৰ হুছেইন আৰু তেওঁৰ পত্নী ছাহাৰা খাটুনৰ উপযুক্ত নথি থকাৰ পাছতো তেওঁলোকক সীমান্ত আৰক্ষীয়ে একপক্ষীয়ভাৱে বিদেশী সজাইছে। ছাত্ৰ সংগঠনটোৱে লগতে বিবৃতিত বিদেশী ঘোষিত নুৰ হুছেইন নামৰ লোকজনৰ পিতৃৰ নামত ১৯৫১ চনৰ লিগেচি, তেওঁৰ নিজৰ নামত ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ, পানকাৰ্ড, ৰেছনকাৰ্ড, জবকাৰ্ড ইত্যাদি সকলো নথি থকাৰ পাছতো লোকজনক বিদেশী ঘোষণা কৰা কাৰ্যক গৰিহনা দিয়ে।

লগতে সীমান্ত আৰক্ষীক দুখীয়া খাতি খোৱা লোকক এনেদৰে বিদেশী সজোৱাৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰি কি নথিৰ অভাৱত বিদেশী ন্যায়াধীকৰণে লোকজনক বিদেশী ঘোষণা কৰিলে সেয়া ৰাজহুৱা কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।

বিবৃতিটোত সংগঠনটোৱে অভিযোগ কৰি কয় যে, সংগঠনটোৱে নিজাববীয়াকৈ চলোৱা তদন্তত উক্ত বিদেশী ঘোষিত দম্পত্তিৰ ভাৰতীয় হোৱাৰ যথেষ্ট প্ৰমাণ তথা নথি মজুত থকাৰ পাছতো কেৱল মাত্ৰ ৰজাঘৰীয়াক সন্তুষ্ট কৰাৰ স্বাৰ্থত ধৰ্মীয় সংখ্যালঘু লোকক কৰায়ত্ব কৰি শৰণাৰ্থী শিৱিৰলৈ প্ৰেৰণ কৰা কাৰ্যক ধিক্কাৰ দিছে।

অতি কম দিনৰ ভিতৰত প্ৰকৃত ভাৰতীয় দম্পত্তিক শৰণাৰ্থী শিৱিৰৰ পৰা মুকলি কৰি নিদিলে সংগঠনটোৱে সীমান্ত আৰক্ষীৰ বিৰুদ্ধে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ প্ৰদানৰ লগতে তাৰ ফলত সৃষ্টি হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে সীমান্ত আৰক্ষী আৰু ভাৰত চৰকাৰ দায়ী হ'ব বুলি সকীয়াই দিয়ে।

উল্লেখ্য যে, বিদেশী ঘোষিত দম্পত্তিহালৰ দুই কণমাণি সন্তানো তেওঁলোকৰ লগত শৰণাৰ্থী শিৱিৰত দিন অতিবাহিত কৰা বুলি সংগঠনটোৰ এক সূত্ৰ‌ই জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in