প্ৰতীক হাজেলা গ’বেক ধ্বনিৰে ওদালগুৰিত আগছুৰ উত্তাল প্ৰতিবাদ…

প্ৰতীক হাজেলা গ’বেক ধ্বনিৰে ওদালগুৰিত আগছুৰ উত্তাল প্ৰতিবাদ…

ডিজিটেল সংবাদ, ওদালগুৰি: সদ্য প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা অসমৰ খিলঞ্জীয়া গোৰ্খাসকলৰ নাম কৰ্তনৰ বিৰুদ্ধে আৰু প্ৰতিজন ভাৰতীয় গোৰ্খা জনগোষ্ঠীৰ লোকক এন‌আৰচিৰ চূড়ান্ত তালিকাত অন্তৰ্ভুক্তিৰ দাবীত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু অসম গোৰ্খা সন্মিলনৰ ওদালগুৰি জিলা সমিতিৰ সহযোগত শনিবাৰে ওদালগুৰিত তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

ওদালগুৰি জিলা উপায়ুক্ত কাৰ্যালয় চৌহদৰ সন্মুখত শনিবাৰে দিনৰ ১১ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে'কাৰ্ড লৈ কেইবা শতাধিক গোৰ্খা জনগোষ্ঠীটোৰ পুৰুষ-মহিলাই "গোৰ্খা বিৰোধী হুচিয়াৰ, প্ৰতীক হাজেলা গ'বেক, এন‌আৰচিৰ নামত গোৰ্খাসকলক হাৰাশাস্তি নকৰিব, এন‌আৰচিৰ নামত ছহীদক অপমান নচলিব, অসম চৰকাৰ হায়-হায়, খিলঞ্জীয়া গোৰ্খাসকলক বিদেশী নসজাব, এন‌আৰচিত গাফিলতি নচলিব" ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদস্থলীত উপস্থিত থাকি ওদালগুৰি জিলা আগছুৰ সভাপতি সোমৰাজ সোনাৰে প্ৰকৃত ভাৰতীয় গোৰ্খা লোকক এন‌আৰচিত অন্তৰ্ভুক্ত কৰিব নোৱাৰিলে এইসকল ভাৰতীয় লোকক শাৰী পতাই গুলিয়াবলৈ আহ্বান জনাই কয় যে- এন‌আৰচি কৰ্তৃপক্ষ‌ই পৰিকল্পিতভাৱে অসমত বসবাস কৰি থকা খিলঞ্জীয়া গোৰ্খাসকলৰ নাম ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা কৰ্তন কৰিছে। ১৯৫১ চনৰ নথি পত্ৰ থকাৰ পাছতো তেনে গোৰ্খা জনগোষ্ঠীৰ লোকসকলৰ নাম তালিকাৰ পৰা বাদ পৰাটো অতিকৈ দুৰ্ভাগ্যজনক। প্ৰতীক হাজেলাক মাথো নামতহে ৰাখি চৰকাৰখনে নিজ খেয়াল-খুচি মতে এন‌আৰচি প্ৰকাশ কৰি ভাৰতীয় গোৰ্খাসকলক তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগ তুলি সোনাৰে গোৰ্খা লোকসকল মৰিবলৈ কেতিয়াও ভয় নকৰে বুলি সকিয়াই দিয়ে।

গোৰ্খাসকলে দেশৰ সীমান্তত নিজৰ প্ৰাণ আহুতি দি দেশ ৰক্ষা কৰি আছে বুলি চৰকাৰখনে বিভিন্ন সময়ত ঘোষণা কৰি আহিছে যদিও এন‌আৰচিৰ নাগৰিকত্ব লাভৰ ক্ষেত্ৰত এই জনগোষ্ঠীৰ লোকক কিয় হাৰাশাস্তি কৰে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে‌। ইফালে অসম গোৰ্খা সন্মিলনৰ ওদালগুৰি জিলা সভাপতি ৰমেশ দাহালে সাংবাদিকৰ আগত মত ব্যক্ত কৰি কয় যে সম্পূৰ্ণ পৰিকল্পিতভাৱে এন‌আৰচি কৰ্তৃপক্ষ‌ই গোৰ্খা জনগোষ্ঠীৰ লোকসকলক নাম চূড়ান্ত তালিকাৰ পৰা কৰ্তন কৰিছে। গোৰ্খা লোকসকলৰ নামৰ পিছপিনে থকা বিভিন্ন উপাধিৰ বাবে অনাহকত ভাৰতীয়ৰ নাম কৰ্তন কৰা বুলি অভিযোগ কৰি কোনো এগৰাকী প্ৰকৃত ভাৰতীয় গোৰ্খা জনগোষ্ঠীৰ লোক বিদেশী ন্যায়ধীকৰণৰ আদালতত যোৱাৰ পৰিৱৰ্তে বিনাচৰ্তে তেওঁলোকৰ নাম এন‌আৰচিত অন্তৰ্ভুক্তিকৰণৰ দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in