ওদালগুৰিত সন্দেহজনক হেৰ’ইন-গাঞ্জাসহ আৰক্ষীৰ জালত ৩

ওদালগুৰিত সন্দেহজনক হেৰ’ইন-গাঞ্জাসহ আৰক্ষীৰ জালত ৩

ডিজিটেল সংবাদ, ওদালগুৰিঃ শুকুৰবাৰে মাজনিশা এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ নিচাযুক্ত সামগ্ৰী হেৰ'ইন, গাঞ্জাসহ তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে সাংবাদিকক জানিবলৈ দিয়া মতে, নিশা প্ৰায় ১১ঃ৩০ বজাত ওদালগুৰি অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) মায়ং কুমাৰ, উপ-আৰক্ষী অধীক্ষক(সদৰ) ম‌ইদুল ইছলাম আৰু সংশ্লিষ্ট ৰৌতা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে ৰৌতা থানাৰ অন্তৰ্গত আমিনপাৰাৰ লগতে বিভিন্ন স্থানত অভিযান চলায়।

অভিযান কালত আৰক্ষীৰ দলটোৱে তিনিজন লোকক আটক কৰাৰ লগতে প্ৰায় ৪০টা সৰু কণ্টেইনাৰ আৰু পেকেটসহ নিচাযুক্ত হেৰ'ইন, ১৫ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ধৃত লোককেইজন হ'ল ক্ৰমে ৰৌতাৰ আমিনপাৰাৰ হাবিবুৰ ৰহমান(২৪), খাৰুপেটীয়াৰ দিলৱাৰ হুছেইন(২৫) আৰু ধুলাৰ আবুবক্কৰ ছিদ্দিক(৪২)। ধৃত লোককেইজনক আৰক্ষীয়ে ৰৌতা আৰক্ষী থানালৈ আনি সোধপোচ অব্যাহত ৰাখিছে।

লোককেইজনৰ পৰা আৰু অধিক তথ্য উদ্ধাৰ কৰাৰ লগতে আৰু এই ব্যৱসায়ৰ লগত জড়িত বহু লোক আৰক্ষীৰ জালত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, এনেধৰণৰ নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায়ৰে জড়িত লোকে বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰসকলৰ মাজত এইসমূহ নিচাযুক্ত সামগ্ৰী বিক্ৰীৰে বিশাল জাল পেলাইছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in