দুৰ্নীতিৰ তদন্তই নহয় ক্ষীপ্ৰ ব্যৱস্থাও লোৱা হ’বঃ ওদালগুৰিত ৰাজ্যপাল জগদীশ মুখী…

দুৰ্নীতিৰ তদন্তই নহয় ক্ষীপ্ৰ ব্যৱস্থাও লোৱা হ’বঃ ওদালগুৰিত ৰাজ্যপাল জগদীশ মুখী…

ডিজিটেল সংবাদ, ওদালগুৰিঃ বৃহস্পতিবাৰে এদিনীয়া কাৰ্যসূচীৰে অসমৰ ৰাজ্যপাল জগদীশ মুখী বিটিএডিৰ ওদালগুৰি জিলা সদৰত উপস্থিত হয় । বিটিএডিত ৰাজ্যপালৰ শাসন প্ৰৱৰ্তন হোৱাৰ পিছত ওদালগুৰিত প্ৰথমবাৰৰ বাবে উপস্থিত হোৱা ৰাজ্যপাল জগদীশ মুখীয়ে ওদালগুৰি উপায়ুক্ত সভাকক্ষত জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী আৰু নিৰাপত্তা বাহিনীৰ মুৰব্বীসকলৰ সৈতে পৃথকে আলোচনাত মিলিত হয়।

চৰকাৰী আঁচনিৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ খতিয়ান লয় বিভাগীয় মুৰব্বী তথা প্ৰশাসনৰ পৰা। ইয়াৰ পিছতে জিলাখনৰ বিভিন্ন দল-সংগঠনৰ সৈতে সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হৈ বিভিন্ন অভিযোগ শুনি বিটিচিত ৰূপায়িত আঁচনিত দুৰ্নীতি সন্দৰ্ভত ৰাজহুৱা অভিযোগ পোনপটীয়াকৈ ৰাজ্যপালক দিব পাৰিব বুলি জনায়।

ইয়াৰ পিছত এক সংবাদ মেল সম্বোধন কৰে ৰাজ্যপাল গৰাকীয়ে। সকলো ধৰনৰ দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ স্থিতিৰ কথা প্ৰকাশ কৰি কেৱল তদন্ত নহয় কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহন কৰিব বুলি সংবাদ মেলত উল্লেখ কৰে। বি টি চিত ৰাইজৰ দৰবাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ কথা উল্লেখ কৰি ৰাজহুৱা অভিযোগৰ বাবে জিলা সদৰ আৰু মহকুমাধিপতি কাৰ্যালয়কে ধৰি ৭০টা স্থানত অভিযোগ বাকচৰ ব্যৱস্থা থাকিব বুলি জনায়।

প্ৰতি সপ্তাহৰ মঙল আৰু বৃহস্পতিবাৰে কোকৰাঝাৰৰ বিটিচি সচিবালয়ৰ লগতে বিটিচিৰ ১১ স্থানত দুৰ্নীতিৰ বিৰুদ্ধে ৰাজহুৱা শুনানী গ্ৰহণৰ ব্যৱস্থা কৰাৰ কথাও ব্যক্ত কৰে ৰাজ্যপালগৰাকীয়ে ৷ বি টি চি শাসন নহয় সেৱা কৰাৰ বাৱে অহা বুলি মন্তব্য কৰি সঠিক আৰু ক্ষীপ্ৰ উন্নয়নৰ বাৱে প্ৰতি সপ্তাহত বি টি চি ভ্ৰমন কৰিব বুলি ৰাজ্যপাল গৰাকীয়ে সংবাদমেলত উল্লেখ কৰে।

বি টি চিত প্ৰাকৃতিক ভাৰসাম্যতা ৰক্ষাত গুৰুত্ব আৰোপ কৰি বি টি চিৰ প্ৰতিখন জিলাত ১০ লাখ কৈ বিটিচিত মুঠ ৪০ লাখ গছ পুলি ৰোপন কৰাৰ কথাও প্ৰকাশ কৰে। ক'ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধক ক্ষেত্ৰত ৰাইজক মাক্স পৰিধান কৰা, সামাজিক দূৰত্ব বজাই ৰখাৰ বাবে তেও ৰাইজক আহ্বান জনায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in