ওদালগুৰি জিলা কাৰাগাৰৰ পৰা ২৮ কয়দীক জামিনত মুকলি…

ওদালগুৰি জিলা কাৰাগাৰৰ পৰা ২৮ কয়দীক জামিনত মুকলি…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ভয়ংকৰ মহামাৰী কোৰোনাৰ সংক্ৰমণ ৰোধৰ স্বাৰ্থত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰি জিলা কাৰাগাৰৰ পৰাও ২৮ গৰাকী কয়দীক দেওঁবাৰে জামিনত মুকলি কৰি দিয়ে কাৰাগাৰ কৰ্তৃপক্ষ‌ই।

উল্লেখ্য যে ১২৭ গৰাকী কয়ডী ৰখাৰ বাবে সুব্যৱস্থা থকা ওদালগুৰি জিলা কাৰাগাৰত দেওবাৰলৈ আছিল ২৪৪ গৰাকী কয়দী। কিন্তু আদালতৰ নিৰ্দেশ অনুসৰি ৭ বছৰতকৈ কম শাস্তি লাভ কৰা ২৮ গৰাকী কয়দীক মুকলি কৰি দিয়াৰ পাছত এতিয়া কাৰাগাৰখনত আছে ২১৬ গৰাকী বিভিন্ন অভিযুক্তৰে দণ্ডিত কয়দী।

ইয়াৰ ভিতৰত ২০৮ গৰাকী পুৰুষ আৰু ৮ গৰাকী মহিলা কয়দী থকাৰ কথা জানিবলৈ দিয়ে কাৰাগাৰখনৰ ভাৰপ্ৰাপ্ত অধীক্ষকৰ দ্বায়িত্বত থকা বিষয়া দেৱাশীষ বৰঠাকুৰে। লগতে তেওঁ জানিবলৈ দি কয় যে কাৰাগাৰখনত এটা আইচলেশ্বন কক্ষ স্থাপন কৰা হৈছে।

নতুনকৈ কাৰাগাৰখনলৈ অহা লোকসকলক তাত স্বাস্থ্য পৰীক্ষা কৰি থকা হৈছে। আনহাতে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাও কৰোৱাৰ লগতে কাৰাগাৰখনৰ ভিতৰত ২০খন বিচনাযুক্ত আইচলেশ্চন কক্ষ এটা সাজু কৰি ৰখাৰ কথাও বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in