১ বিলিয়ন ডলাৰ লোকচান উবেৰৰ

১ বিলিয়ন ডলাৰ লোকচান উবেৰৰ

ডিজিটেল ডেস্কঃ লোকচানৰ সন্মুখীন হৈছে উবেৰ। আমেৰিকাৰ ছানফ্ৰান্সিছকোত মুখ্য কাৰ্যালয় থকা টেকন'লজিছ ইনকৰ্প'ৰেটেড প্ৰতিষ্ঠানটোৱে শেহতীয়া ত্ৰিমাসিকত হিচাপৰ সময়চোৱাত ১ বিলিয়ন ডলাৰ লোকচানৰ সন্মুখীন হৈছে।

আনহাতে এই সময়চোৱাত প্ৰতিষ্ঠানটোৰ ট্ৰেক্সী সেৱা আৰু খাদ্য যোগানৰ ব্যৱসায়ৰ পৰিসৰ ৬ শতাংশ বৃদ্ধি পাইছে। বিগত বৰ্ষত এই শাখাত প্ৰতিষ্ঠানটোৱে যথেষ্ঠ বিকাশ লাভ কৰিবলৈ সক্ষম হৈছিল ।

চেপ্তেম্বৰত শেষ হোৱা ত্ৰিমাসিক হিচাপৰ সময়চোৱাত প্ৰতিষ্ঠানটোৰ সামগ্ৰিক লোকচানৰ পৰিমাণ আছিল ১.০৭ বিলিয়ন ডলাৰ। ইয়াৰ পূৰ্বৰ ত্ৰিমাসিকৰ তুলনাত এই লোকচানৰ পৰিমাণ ২০ শতাংশৰ অধিক ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in