কামপুৰত বানে উটুৱাই নিলে দুই যুৱকক: ১৪৬ খন গাঁৱৰ ২৮৮৩১২ জন বানত আক্ৰান্ত…

কামপুৰত বানে উটুৱাই নিলে দুই যুৱকক: ১৪৬ খন গাঁৱৰ ২৮৮৩১২ জন বানত আক্ৰান্ত…

ডিজিটেল সংবাদ,নগাঁও: নগাঁও জিলাত বান পৰিস্হিতি অপৰিবৰ্তিত ৷ নিশাৰ ভিতৰতে ডুবিল ৪৪ খনকৈ গাঁও ৷ ৰহা আৰু কামপুৰত বুধবাৰৰ বিয়লিলৈকে সৰ্বমুঠ ১৪৬ খন ৰাজহ গাঁও বানৰ কবলত পৰিছে ৷ বুধবাৰে বিয়লি কামপুৰৰ পৰা আহিছে এক দুখৰ খবৰ ৷ বানৰ কোবাল সোঁতে কামপুৰ বনপালি গাঁৱত দুজন লোকক উটুৱাই নিয়ে ৷ বানৰ কোবাল সোঁতে উটুৱাই নিয়া যুবক দুজনৰ নাম হৈছে চানি গোৱালা(১৭), ধুন শ্বাহ(২০) ৷

বনপালি গাঁৱৰ পৰা কলগছৰ ভুৰত উঠি দুয়োজন যুবক আশ্ৰয় স্হানলৈ আহি থাকোতে পানী পকনীয়াই ভুৰখন ডুবাই পেলোৱাত দুয়োজন যুবক উটি য়ায় বুলি জানিব পৰা গৈছে ৷ যুবক দুজনৰ সন্ধানত অভিযান চলোৱা হৈছিল যদিও সন্ধ্যা পৰ্যন্ত এজনৰো সন্ধান পোৱা নগল ৷

ইফালে সোমবাৰে বানে উটুৱাই নিয়া কামপুৰ কুঁহিমাৰীৰ বিনন্দ নাথ(১৩)ৰ বুধবাৰেও সন্ধান নেপালে এছ ডি আৰ এফৰ অভিযানকাৰীয়ে ৷ বুধবাৰলৈকে নগাঁও জিলাত বানৰ দাৰা আক্ৰান্ত হৈছে ২৮৮৩১২ জনকৈ লোক ৷ কামপুৰত ২৩ টা , নগাঁও সদৰত ৫ টা , ৰহাত ৩ টা আশ্ৰয় শিবিৰ স্হাপন কৰা হৈছে ৷

এছ ডি আৰ এফৰ সাতখন নাঁৱে উদ্ধাৰ অভিযান চলাই আছে ৷ উদ্ধাৰ অভিযানৰ বাবে আৰু নাঁৱৰ প্ৰয়োজন আছে ৷ বহু অঞ্চলত পানীৰ মাজত এতিয়াও বহু লোক আবদ্ধ হৈ আছে ৷ কামপুৰ তেতেলিয়াগ্ৰান্তত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা বান্ধ ভগাৰ বাতৰি পোৱা গৈছে ৷

নতুনকৈ কামপুৰত লোকনিৰ্মান বিভাগৰ ৬ টা পথ বানে ক্ষতি সাধন কৰিছে ৷ ৰহাত সাতটাকৈ পথৰ ক্ষতিসাধন কৰিছে ৷ জানিব পৰা মতে বুধবাৰৰ দিনটোত এছ ডি আৰ এফে ১২০০ লোকক উদ্ধাৰ কৰি নিৰাপদ স্হানলৈ আতৰাই নিবলৈ সক্ষম হৈছে ৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in