ভুল প্ৰমাণিত হ’ল মোদীৰ বিমুদ্ৰাকৰণ, বন্ধ হ’ব ২০০০ টকীয়া নোট!

ভুল প্ৰমাণিত হ’ল মোদীৰ বিমুদ্ৰাকৰণ, বন্ধ হ’ব ২০০০ টকীয়া নোট!

ডিজিটেল ডেস্কঃ বন্ধ হ'ব ২০০০ টকীয়া নোট! বিত্ত মন্ত্ৰণালয়ৰ এক সূত্ৰই ইতিমধ্যে এই কথা প্ৰকাশ কৰিছে৷ সূত্ৰৰ মতে ২০০০ টকীয়া নোট বন্ধ কৰাৰ উদ্দেশ্যৰে ইতিমধে কেন্দ্ৰীয় চৰকাৰে এই নোট ছপা বন্ধ কৰিছে৷

২০১৬ চনৰ নবেম্বৰ মাহত বিমুদ্ৰাকৰণৰ পিছতে ছপা কৰি উলিওৱা হৈছিল ২০০০ টকীয়া নোট৷ কিন্তু ইয়াৰ ২ বছৰ পিছতে এতিয়া ২০০০ টকীয়া নোট বন্ধ কৰিবলৈ বাধ্য হৈছে কেন্দ্ৰীয় চৰকাৰ৷ যি উদ্দেশ্যৰে ২ বছৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণৰ দৰে এক জটিল সিদ্ধান্ত গ্ৰহণ কৰিছিল, সেই উদ্দেশ্য সাধন হোৱাৰ পৰিৱৰ্তে কেন্দ্ৰীয় চৰকাৰে ছপা কৰি উলিওৱা ২০০০ টকীয়া নোটে ক'লা ধন সঞ্চয়ত সুবিধাহে সৃষ্টি কৰা বুলি সন্দেহ কৰা হৈছে৷

তদুপৰি ২০০০ টকীয়া নোটৰ ফলত আৰ্থিক অনাটন আৰু কৰ ফাঁকিৰ দৰে ঘটনাও বৃদ্ধি পোৱা বুলি শেহতীয়াকৈ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে৷ যাৰ ফলত দুবছৰ পূৰ্বে নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা সিদ্ধান্ত ভুল বুলি স্বীকাৰ কৰি অৱশেষত ২০০০ টকীয়া নোটৰ প্ৰচলন বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰখনে৷

জানিব পৰা মতে, ২০১৮ চনৰ মাৰ্চ মাহ পৰ্যন্ত সমগ্ৰ দেশৰ বজাৰত মুঠ ১৮.০৩ ট্ৰিলিয়ন মূল্যৰ নোট প্ৰচলিত হৈ আছে৷ ইয়াৰে ৬.৭৩ ট্ৰিলিয়ন অৰ্থাৎ প্ৰায় ৩৭ শতাংশই হৈছে ২০০০ টকীয়া নোট৷ তাৰ বিপৰীতে ৪৩ শতাংশ অৰ্থাৎ ৭.৭৩ ট্ৰিলিয়ন হৈছে ৫০০ টকীয়া নোট৷

উল্লেখ্য যে, বিমুদ্ৰাকৰণৰ সময়ত ২০০০ টকীয়া নোট বজাৰত মুকলি কৰাৰ পিছতে তীব্ৰ সমালোচনাৰ সন্মুখীন কেন্দ্ৰীয় চৰকাৰ৷ এই নোটৰ ফলত ক'লা ধন সঞ্চয় কৰাটো অধিক সহজ হ'ব বুলি তেতিয়াই বিৰোধীয়ে দাবী উত্থাপন কৰিছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in