মহাৰাষ্ট্ৰৰ থানাত দুই মহিলা আৰক্ষীৰ প্ৰেম… আৰু এক কৰুণ কাহিনী!

মহাৰাষ্ট্ৰৰ থানাত দুই মহিলা আৰক্ষীৰ প্ৰেম… আৰু এক কৰুণ কাহিনী!

ডিজিটেল ডেস্কঃ বিয়াৰ বাবে যিসময়ত বহু যুৱকে ছোৱালী বিচাৰি হায়ৰাণ হৈ পৰে সেই সময়তে মহাৰাষ্ট্ৰত দেখা গৈছে এক ব্যতিক্ৰমী ঘটনা। বিবাহপাশত আৱদ্ধ হ'ব বিচৰা ছোৱালীৰ ভিৰৰ বাবে ৰাজ্যখনৰ কোহলাপুৰৰ এজন আৰক্ষী জোৱানে মৃত্যুক সাবটিবলৈ বাধ্য হৈ পৰে।

অঞ্চলটোৰ ৰাজাৰামপুৰী আৰক্ষী থানাত কৰ্মৰত জোৱানজনৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ দীৰ্ঘদিন ধৰি হেঁচা প্ৰয়োগ কৰি আহিছিল সহকৰ্মী দুই মহিলা কনিষ্টবলে। এই কথা জানিব পাৰি জোৱানজনৰ পত্নীয়ে উৰ্ধতম কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে।

পত্নীৰ অভিযোগৰ ভিত্তিত উৰ্ধতম কৰ্তৃপক্ষই ৪২ বৰ্ষীয় জোৱানজনক আন এখন থানালৈ বদলি কৰে। বদলিৰ পিছতো ফোনযোগে দুই মহিলা কনিষ্টবলে জোৱানজনৰ সৈতে যোগাযোগ অব্যাহত ৰাখে।

দুই মহিলা সহকৰ্মীৰ পৰা এনেদৰে বাৰম্বাৰ বিবাহৰ প্ৰস্তাৱ লাভ কৰাত পাৰিবাৰিক সমস্যা বৃদ্ধি পোৱাৰ ফলত একপ্ৰকাৰ হতাশ হৈ পৰে জোৱানজনে। অৱশেষত দেওবাৰে জোৱানজনে কৰ্তব্যৰত অৱস্থাত থানাতে বিষপান কৰি আত্মহত্যা কৰে।

'ট্ৰেন্সফাৰৰ পিছতো দুয়ো তেওঁৰ সৈতে যোগাযোগ ৰাখিছিল। মই বাৰে বাৰে মানা কৰিছিলো। অচি ছাৰকো অলপ চকু দিবলৈ কৈছিলো। কিন্তু মোৰ কথা নুশুনি দুগৰাকীৰ এগৰাকীয়ে মোক স্বামীয়ে বিবাহ বিচ্ছেদ দিব বুলি ভাবুকি দিয়ে। অৱশেষত আজি এনে অৱস্থা হ'ল।'-সংবাদ মাধ্যমৰ আগত এইদৰে কয় জোৱানজনৰ দুৰ্ভগীয়া পত্নীয়ে।

ঘটনা সন্দৰ্ভত দুই মহিলা কনিষ্টবলৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰিছে জোৱানজনৰ পত্নীয়ে। উক্ত এজাহাৰৰ ভিত্তিত দুই মহিলা কনিষ্টবলক সোধ-পোছ কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণৰো নিৰ্দেশ প্ৰদান কৰিছে উৰ্ধতম কৰ্তৃপক্ষই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in