গো-পালন আৰু কৃষি কৰ্মৰে স্বাৱলম্বী নাৰায়ণপুৰৰ দুই অবিবাহিত মহিলা…

গো-পালন আৰু কৃষি কৰ্মৰে স্বাৱলম্বী নাৰায়ণপুৰৰ দুই অবিবাহিত মহিলা…

ডিজিটেল সংবাদ,নাৰায়ণপুৰ : দুগৰাকী অবিবাহিত মহিলা । নাম মঞ্জু শইকীয়া আৰু ৰঞ্জুভৱানী শইকীয়া । যি সময়ত অসমৰ শ শ নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি বহি:ৰাজ্যলৈ ঢাপলি মেলিছে ঠিক সেই সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বৰপথাৰ অঞ্চলৰ এই দুগৰাকী মহিলাই গো পালন আৰু কৃষি কৰ্মৰে অব্যাহত ৰাখিছে জীয়াই থকাৰ সংগ্ৰাম । নিজৰ পৈত্তিক সম্পত্তিৰ বাৰি খনতে মহিলা দুগৰাকীয়ে গঢ়ি তুলিছে কাজি নেমু,গোল নেমু,আদা-হালধী,জালুক,কল,পান-তামোলৰ এখন সুন্দৰ ফাৰ্ম ।

ইয়াৰ উপৰি মহিলা দুগৰাকীয়ে কৰি আহিছে জলকীয়া,বেঙেনা,কবি,জাতিলাও,কোমোৰাকে ধৰি না না তৰহৰ সময়োপযোগী শাক-পাচলিৰ খেতি । আনহাতে তেওঁলোকৰ আছে দুজনী উন্নত জাতৰ গাই গৰুও । উৎপাদিত কৃষি সামগ্ৰীৰ লগতে গাখীৰৰ পৰা বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হোৱা দুই বাই-ভনি অঞ্জু আৰু ৰঞ্জুভবানী এতিয়া হৈ পৰিছে সমগ্ৰ অঞ্চলটোৰ লোক সকলৰ বাবে আদৰ্শ স্বৰূপ । পিতৃ-মাতৃহীনা ভগ্নী দ্বয়ৰ আছে এগৰাকী অসুখীয়া বায়েক । তেওঁৰ চিকিৎসাৰ নামতো বছৰত খৰছ হয় প্ৰায় ৭০-৮০ হাজাৰ টকা । কিন্তু দুৰ্ভাগ্যজনক কথা যে পথাৰ আৰু বজাৰ দখলৰ শ্লোগানেৰে আগবাঢ়িব খোজা মহিলা দুগৰাকীয়ে আজিকোপতি লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী সা-সুবিধা ।

কেৱল বিজ্ঞাপনৰ নামত কোটি কোটি টকা খৰছ কৰা মন্ত্ৰী অতুল বৰাৰ বিয়াগোম কৃষি বিভাগৰ কোনো এখন অভিলাষী আঁচনিয়েও স্পৰ্শ কৰিবলৈ সক্ষম নহ'ল বছৰ বছৰ ধৰি কৃষি কৰ্মৰ লগত জড়িত হৈ অহা স্বাভিমানী এই দুগৰাকী অবিবাহিত মহিলাক । এইবাৰ বিশ্বজোৰা ক'ৰোনা মহামাৰীৰ পৰিপ্ৰেক্ষিতত জনজীৱন স্থবিৰ হৈ পৰাৰ লগতে ব্যৱসায় বাণিজ্য বন্ধ হৈ পৰাত ব্যাপক লোকচানৰ সন্মুখীন হ'ব লগা হয় মহিলা দুগৰাকী ।

এতিয়া প্ৰশ্ন হয় পৰিৱৰ্তনৰ শ্লোগানেৰে ক্ষমতা লোৱা কৰা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰ খনৰ বিয়াগোম কৃষি বিভাগটোৰ সূদৃষ্টি পৰিবনে প্ৰকৃত ৰূপত কৃষি কৰ্মৰ লগত জড়িত এই দুগৰাকী মহিলাৰ প্ৰতি ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in