গোলাঘাটত অব্যাহত অবৈধ বালিৰ বেহা, ২খনকৈ ট্ৰাক জব্দ

গোলাঘাটত অব্যাহত অবৈধ বালিৰ বেহা, ২খনকৈ ট্ৰাক জব্দ

ডিজিটেল সংবাদ, গোলাঘাটঃ বন্ধ কৰি দিয়াৰ পিছতো গোলাঘাট জিলাৰ দৈগ্ৰোং বালি মহলত একাংশ লোকে চোৰাংকৈ অব্যাহত ৰাখিছে বালিৰ বেহা। মহলটোত বন বিষয়াৰ সৈতে মিতিৰালি কৰি এটা দুষ্ট চক্ৰই এই মহল চলাই ৰখাৰ অভিযোগ উঠিছে।

ইয়াৰ মাজতে বৃহস্পতিবাৰে নিশাৰ ভাগত গোলাঘাটৰ বনাঞ্চলিক বিষয়াই জব্দ কৰে দুখনকৈ অবৈধ বালি ভৰ্তি ট্ৰাক। জব্দ কৰা হোৱা এই ট্ৰাক দুখনৰ নম্বৰ হৈছে এ এছ ০৫-চি ৭৭৯৫ আৰু এ এছ ০৫-চি ২২১৮।

উল্লেখ্য যে দৈগ্ৰোং বালি মহলত সংঘটিত অনিয়ম পোহৰলৈ অহাৰ পিছতে গ্ৰেপ্তাৰ হৈছিল গোলাঘাট বন সংমণ্ডলৰ বিষয়া ৰাজীৱ দাসকে ধৰি মুঠ ৮জন বন বিষয়া আৰু কেবাজনো মহলদাৰ-ঠিকাদাৰ। এই ঘটনাৰ পিছত অবৈধ বালিৰ বেহা বন্ধ হ'ব বুলি সকলোৱে আশা কৰিছিল যদিও কালি ট্ৰাক জব্দ হোৱাৰ বাতৰিয়ে সকলোৰে চকু কপালত তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in