ঢকুৱাখনাত মৰ্মান্তিক ঘটনাঃ হাৰ্হি নদীত পৰি দুই কিশোৰীৰ অকাল বিয়োগ…

ঢকুৱাখনাত মৰ্মান্তিক ঘটনাঃ হাৰ্হি নদীত পৰি দুই কিশোৰীৰ অকাল বিয়োগ…

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত গন্ধিয়া অয়েঙিয়া মিচিং গাঁৱত বুধবাৰে বিয়লি সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। গাঁওখনৰ উমা কান্ত পাৱৰৰ ৮ বছৰীয়া কন্যা অঞ্জু মণি পাৱ  আৰু নীল কান্ত পাৱৰ কন্যা জীনা মণি পাৱে(১০ ) বুধবাৰে দুপৰীয়া সমীপৰ হাৰ্হি  নদীৰ পানীত গা ধুই থাকোতে অকস্মাত  পানীত ডুব যায় ।

পাছত স্থানীয় ৰাইজ আৰু পৰিয়ালৰ তৰফৰ পৰা সন্ধান চলাই দুয়োগৰাকী কিশোৰীক মুমূৰ্খ অৱস্থাত উদ্ধাৰ কৰি ধেমাজি জিলা অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে । দুগৰাকী অবুধ কিশোৰীৰ অকাল মৃত্যুৰ খবৰে সমগ্ৰ অঞ্চলটো শোকাচন্ন কৰি তুলিছে ।

পাছত দুয়োগৰাকী কিশোৰীৰ  মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰি পৰিয়ালক চমজাই দিয়া হয় । পখিলা খেদাৰ বয়সতে জীৱন নাটৰ যবণিকা পেলোৱা দুয়োগৰাকী  নিৰ্বোধ কিশোৰীৰ মৰ্মান্তিক বিয়োগৰ খবৰে সমগ্ৰ ঢকুৱাখনা মহকুমাতে শোকৰ বন্যা বোৱাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in