মায়ঙৰ পকৰীয়া নৈত দুগৰাকী স্কুলীয়া ছাত্ৰীৰ সলিল সমাধি…

মায়ঙৰ পকৰীয়া নৈত দুগৰাকী স্কুলীয়া ছাত্ৰীৰ সলিল সমাধি…

ডিজিটেল সংবাদ,মায়ং : পবিতৰা অভয়াৰণ্য ৰ গাতে লাগি থকা মায়ঙৰ কুছিয়ানিত দুজনী স্কুলীয়া ছাত্ৰী নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটা মৰ্মান্তিক ঘটনাই অঞ্চলটোৰ সকলোকে একপ্ৰকাৰ কন্দুৱাই থৈ গল।ঘৰৰ কাষেৰে বৈ যোৱা নৈ খনত গা ধুবলৈ গৈ মৃত্যু হয় সম্বন্ধীয় দুজনীকৈ বাই ভনী মাছুডা খাতুন (১২) আৰু মামণি খাতুন (৯ )।উক্ত ঘটনাৰ খৱৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ কুৰাণীবৰী আৰু বুৰাবুৰী অঞ্চলত হুৱাদুৱা লাগে ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে দেওবাৰে পুৱা ১০ মান বজাত গাঁৱৰ পিছফালে বৈ যোৱা শান্ত শিষ্ট পকৰীয়া নৈত কাপোৰ আৰু গা ধুবলৈ গৈছিল দুয়ো ভনীয়েকে।তৃতীয় শ্ৰেণীত অধ্যয়নৰত সৰু ভনীয়েক মামনি খাতুনে প্ৰথমে নৈত গা ধুবলৈ গৈ সাঁতুৰিব চেষ্টা কৰি ক্ৰমাৎ নৈৰ দ' ঠাইত পিছল খাই পৰে।সেই দৃশ্য দেখি লগে লগে কাষতে থকা ১২ বছৰীয়া মাছুদা খাতুনে চিঞৰ বাখৰ কৰি উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও উভতি আহিব নোৱাৰিলে ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত মাছুদা।

আকস্মিক ভাবে দুয়ো নৈ খনৰ ৮/১০ ফুট পানীৰ তলত ডুব যায় আৰু অকাল মৃত্যুক আঁকোৱালি লব লগা হয় মাছুদা আৰু মামনিয়ে।নৈৰ সিটো পাৰে কৃষি কৰ্মত ব্যস্ত থকা পিতৃ ওছমান আলিয়ে মাছুদা ৰ চিঞৰ শুনি নৈৰ পাৰলৈ দৌৰি আহে যদিও জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম নহল কোনো এগৰাকীকে।ইয়াৰ পিছতেই নৈ পৰিয়া গাঁও খনৰ বহু লোক আহি সমবেত হয় সদায় গা ধোৱা ঘাট টোত।

প্ৰায় আধা ঘন্টাৰ পিছত এখন নৌকা লৈ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় স্থানীয় লোকে।ঘটনাৰ খৱৰ পায় মায়ং আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে দুয়োকে।আজিৰ এই শোকাবহ ঘটনাই সকলোকে মৰ্মাহত কৰিছে।দুয়ো ভনীয়েকে অধ্যয়ন কৰা দুয়ো খন বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলে গভীৰ শোক প্ৰকাশ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in