শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনী ভেদি বাগদাদৰ গ্ৰীণ জ’নত পুনৰ ৰকেট আক্ৰমণ…

10,927

ডিজিটেল ডেস্কঃ ইৰান-আমেৰিকাৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে যুদ্ধৰ উন্মাদনা। বাগদাদ বিমান বন্দৰত আমেৰিকান সেনাই দ্ৰোণ আক্ৰমণেৰে ইৰানী জেনেৰেল কাছিম চোলেমানীসহ কেইবাজনো লোকক হত্যা কৰাৰ পিছতে যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ইৰান আৰু আমেৰিকাৰ মাজত।

জেনেৰেল কাছিম চোলেমানীৰ হত্যাৰ পিছতে আমেৰিকাৰ বিৰুদ্ধে যুদ্ধৰ ইংগিত দি মছজিদত ৰঙা পতাকা উৰুৱাইছিল ইৰানে। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইৰানক সকিয়নী প্ৰদান কৰি কৈছিল যে যদি ইৰানে কোনো আমেৰিকান নাগৰিক বা সম্পত্তিৰ ক্ষতিসাধন কৰে, তেন্তে তাৰ প্ৰত্যুত্তৰ অতি দ্ৰুত আৰু তীক্ষ্ণভাৱে দিবলৈ বাধ্য হ’ব আমেৰিকাই।

কিন্তু মাৰ্কিন ৰাষ্ট্ৰপতিৰ সকিয়নীৰ পিছতো মঙলবাৰে ইৰাকস্থিত মাৰ্কিন সেনাৰ দুটা বিমানঘাটীত মিছাইল আক্ৰমণ চলায় ইৰানে। এই আক্ৰমণত কমেও ৮০ জন মাৰ্কিন সেনা নিহত হোৱা বুলি দাবী কৰি ইৰানৰ ছুপ্ৰিম লীডাৰ আয়োতল্লাহ আলী খামনেইয়ে এই আক্ৰমণ আমেৰিকাৰ গালত শোধোৱা এক প্ৰচণ্ড চৰ বুলি মন্তব্য কৰে। লগতে এই আক্ৰমণৰ জৰিয়তে আমেৰিকাৰ ওপৰত ইৰানৰ প্ৰতিশোধ পূৰ্ণ হোৱা বুলিও কয় খামনেইয়ে।

মঙলবাৰে আমেৰিকান সেনাৰ ঘাটীত ইৰানে চলোৱা আক্ৰমণৰ পিছত বুধবাৰে নিশাও বাগদাদৰ গ্ৰীণ জ’নত ৰকেট আক্ৰমণ চলে। অৱশ্যে এই আক্ৰমণৰ আঁৰত কোন জড়িত আছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কট্যুছা ৰকেটৰে চলোৱা আক্ৰমণটোত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই বুলি নিশ্চিত কৰিছে আমেৰিকাই।

বুধবাৰৰ এই আক্ৰমণ সন্দৰ্ভত টুইটযোগে জানিবলৈ দিয়ে আমেৰিকান সেনাৰ প্ৰবক্তা কৰ্ণেল মায়লছ বি. কেগিংছে। টুইটত তেওঁ লিখিছে, ‘৮ জানুৱাৰীৰ নিশা ১১.৪৫ বজাত বাগদাদস্থিত ইণ্টাৰনেশ্যনেল জ’নত ৰকেট আক্ৰমণ চলোৱা হয়। এই আক্ৰমণত কোনো হতাহত হোৱা নাই।’

প্ৰণিধানযোগ্য যে, বাগদাদস্থিত গ্ৰীণ জ’ন এক হাই চিকিউৰিটি এৰিয়া হিচাপে চিহ্নিত। এই এলেকাত আমেৰিকাৰ লগতে আন কেইবাখনো ৰাষ্ট্ৰৰ দূতাবাস আছে। এক নিশ্চিদ্ৰ নিৰাপত্তা বেষ্টনীয়ে সমগ্ৰ এলেকাটো সুৰক্ষিত কৰি আহিছে। তেনে পৰিস্থিতিত গ্ৰীণ জ’নত কিদৰে ৰকেট আক্ৰমণ সংঘটিত হ’ল আৰু ক’ৰ পৰা এই আক্ৰমণ সংঘটিত কৰা হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি