পথৰ ওপৰতে লাঠী লৈ ২ আৰক্ষী জোৱানৰ মাৰপিট… VIDEO

পথৰ ওপৰতে লাঠী লৈ ২ আৰক্ষী জোৱানৰ মাৰপিট… VIDEO

ডিজিটেল ডেস্কঃ আৰক্ষীয়ে অপৰাধীক লাঠীৰে প্ৰহাৰ কৰা ঘটনা মাজে সময়ে দেখা পোৱা যায়। কিন্তু দুজন আৰক্ষী জোৱানৰ মাজতে লাঠী লৈ মাৰপিট কৰাতো এক বিৰল ঘটনা। এনে এক ঘটনা সংঘটিত হৈছে এইখন ভাৰততে। প্ৰয়াগৰাজত দুগৰাকী আৰক্ষীয়ে পথৰ ওপৰতে লাঠী লৈ ইজনে সিজনৰ ওপৰত কৰিলে প্ৰহাৰ।

অভিযোগ অনুসৰি, উৎকোচৰ বাবে এই আৰক্ষী জোৱান দুজনৰ মাজতলাগে এই সংঘৰ্ষ। আৰক্ষীৰ বাহনখনৰ পৰা লাঠী ওলাই এজনে সিজনৰ ওপৰত প্ৰহাৰ কৰাৰ সময়তেআন দুজনমান সতীৰ্থ আৰক্ষী জোৱানে তেওঁলোকক আঁতৰাবলৈ চেষ্টা চলাইছিল যদিও তেওঁলোকসক্ষম নহ'ল।

ইফালে, এই সমগ্ৰ ঘটনা বন্দী হয় পথটোত থকা এটা চিচি টিভিকেমেৰাত। ভিডিঅ'টোত দেখা পোৱা গৈছে যে, দুয়োজন আৰক্ষী জোৱানে চলাইছে ইজনে সিজনৰওপৰত প্ৰহাৰ। আনহাতে, ঘটনা সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয় যে, 'এই ঘটনা দেওবাৰেনিশা সংঘটিত হৈছিল। দুয়োজন আৰক্ষী জোৱানকে নিলম্বন কৰা হৈছে। আৰু আমি ঘটনাসন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in