ছত্তীশগড়ৰ দান্তেৱাৰাত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত ২ নক্সালবাদী নিহত…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ছত্তীশগড়ত উপ-নিৰ্বাচনৰ পূৰ্বে নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা।
  • শনিবাৰে দান্তেৱাৰাত ২ দুৰ্ধৰ্ষ নক্সালবাদীক নিহত কৰিবলৈ সক্ষম হয় নিৰাপত্তাৰক্ষীয়ে।
  • দান্তেৱাৰাৰ কিৰন্দুলৰ কুতমেৰ অৰণ্যত পুৱা নিৰাপত্তাৰক্ষীয়ে চলাইছিল অভিযান।
  • এই অভিযান কালতে নিৰাপত্তাৰীক্ষৰ গুলীত নিহত হয় নক্সালবাদী দুজন।
  • দুয়োজনৰ ওপৰত ৫ লাখ টকাকৈ পুৰস্কাৰ ঘোষণা কৰা আছিল।
  • নিহত নক্সালাবাদী দুজন ক্ৰমে মলংগীৰ কমিটীৰ সদস্য লচ্ছু মণ্ডাৱী আৰু গুমিয়াপাল বুলি জানিব পৰা গৈছে।
  • নক্সালবাদী দুজনৰ পৰা এটা দেশী পিষ্টল আৰু কেইবাজাঁই সজীৱ গুলী জব্দ কৰে নিৰাপত্তাৰক্ষীয়ে।
  • উল্লেখ্য যে, ছত্তীশগড়ত অনুষ্ঠিত হ'বলগা উপ নিৰ্বাচনত নক্সালবাদীয়ে কুটাঘাত চলোৱাৰ আশংকা কৰা হৈছে।
  • নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আত্মগোপন কৰি থকা নক্সালবাদীৰ বিৰুদ্ধে অভিযান চলাইছে আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in