ভাৰত স্বাধীন হোৱাৰ দিনা মুক্তি পোৱা বলীউডৰ দুখন ছবি

ভাৰত স্বাধীন হোৱাৰ দিনা মুক্তি পোৱা বলীউডৰ দুখন ছবি

ডিজিটেল সংবাদঃ ১৯৪৭ চনৰ ১৫ আগষ্ট। ভাৰত স্বাধীন হৈছিল। সেইদিনা আছিল শুকুৰবাৰ।সমগ্ৰ দেশ স্বাধীনতাৰ আনন্দত মতলীয়া হৈ থকা সময়তে দেশৰ ছবিঘৰত মুক্তি পাইছিল দুখন হিন্দী ছবি।

প্ৰথমখন আছিল 'চেহনাই'। পি এল সন্তোষীয়ে পৰিচালনা কৰা এই ছবিখনত মুখ্য ভূমিকাত অভিনয় কৰিছিল কিশোৰ কুমাৰ,  ইন্দুমতী,  ৰাধাকৃষ্ণন আৰু ৰেহানাই।

ছবিখনত আছিল ৯টাকৈ গীত আৰু সংগীত পৰিচালনা কৰিছিল ৰামচন্দ্ৰাই। ছবিখন সেইবৰ্ষৰ সবাতোকৈ বেছি উৰ্পাজন কৰা ৫খন ছবিৰ ভিতৰত স্হান লাভ কৰিছিল।

স্বাধীনতাৰ দিনটোতে মুক্তিপোৱা আন এখন ছবি আছিল 'মেৰা গীত'। যিখন ছবিত সুশীল কুমাৰ আৰু নসীম জুনিয়ৰে মুখ্য ভূমিকাত অভিনয় কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in