মহামৃত্যুঞ্জয় মন্দিৰত প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে অসমৰ দুই বিধায়কৰ যজ্ঞ…

মহামৃত্যুঞ্জয় মন্দিৰত প্ৰধানমন্ত্ৰীৰ দীৰ্ঘায়ু কামনাৰে অসমৰ দুই বিধায়কৰ যজ্ঞ…

ডিজিটেল সংবাদ নগাঁও : পাঞ্জাবত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ ক্ষেত্ৰত হোৱা অভাবনীয় পৰিস্থিতিৰ ঘটনাই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ ইয়াৰ প্ৰভাব পৰিছে অসমৰ লগতে নগাঁও জিলাটো ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰতি পাঞ্জাবৰ ঘটনাই ভাবুকি অনাৰ পিছত বৃহস্পতিবাৰে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে যজ্ঞ ৷

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দীৰ্ঘায়ু কামনাৰে দিনৰ ১২-৩০ বজাৰ পৰা যজ্ঞ আৰম্ভ হোৱা বুলি জানিব পৰা গৈছে ৷ নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে মহামৃত্যুঞ্জয় মন্দিৰত মহাযজ্ঞভাগ আয়োজন কৰা বুলি জানিব পৰা গৈছে ৷ যজ্ঞত দুয়োজন বিধায়ক নিজে উপস্হিত আছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in