ৰঙিয়াত পঘাৰে বান্ধি ২ সেনা জোৱানক ৰাজপথত চোঁচৰালে মহিলাইঃ VIDEO

ৰঙিয়াত পঘাৰে বান্ধি ২ সেনা জোৱানক ৰাজপথত চোঁচৰালে মহিলাইঃ VIDEO

ডিজিটেল সংবাদ, ৰঙিয়াঃ দেওবাৰে ৰঙিয়াত অসামাজিক কামত লিপ্ত হ'বলৈ অহা দুই জোৱানক ৰাইজে কৰায়ত্ব কৰি লপা-থপা দিয়ে। ৰাইজে জোৱান দুজনৰ কঁকালত পঘাৰে বান্ধি ৰাজপথেৰে চোঁচৰাই লৈ যায়।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ৰঙিয়া নগৰৰ এটা গৃহত দেহ ব্যৱসায় চলি অহা বুলি অভিযোগ উত্থাপন হৈছে। এনে সময়তে দেওবাৰে দুজন জোৱানে বিতৰ্কিত গৃহটোলৈ যাবলৈ ধৰাত ৰাইজে বাধা দিয়ে। কিন্তু জোৱান দুজনে ৰাইজৰ বাধা স্বত্বেও গৃহৰ ভিতৰত প্ৰৱেশ কৰিব বিচৰাত সমবেত একাংশ উত্তেজিত ৰাইজে জোৱান দুজনক মাৰপিট কৰে।

ইফালে একাংশ স্থানীয় মহিলাই জোৱান দুজনক কঁকালত পঘাৰে বান্ধি ৰাজপথেৰে চোঁচৰাই লৈ যোৱাত অঞ্চলটোত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয়। অৱশেষত ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া হয়।

আনহাতে, ইয়াৰ পূৰ্বে গ্ৰাহকৰূপী যুৱক এজনক বিতৰ্কিত ঘৰটোৰ একাংশ‌ই মাৰধৰ কৰি মোবাইলকে আদি কৰি মূল্যবান বস্তু কাঢ়ি ৰখা বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছতে আন দুজন ঘৰটোলৈ অহাৰ সময়তে ৰাইজে আটক কৰি বাধা প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in