ত্ৰিপুৰাত দুগৰাকী ছোৱালীক দলবদ্ধ ধৰ্ষন,৮ জনক গ্ৰেপ্তাৰ…

প্ৰতীকী ফটো
প্ৰতীকী ফটো

ডিজিটেল ডেস্ক : ত্ৰিপুৰাত সোমবাৰে সংঘটিত হৈছে দলবদ্ধ ধৰ্ষনৰ ঘটনা । ৰাজ্যখনৰ খাৱাই জিলাই এই ধৰ্ষনৰ ঘটনা সংঘটিত হৈছে । এই ঘটনাৰ সৈতে জড়িত ৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । দুগৰাকী ছোৱালীয়ে দুজন বন্ধুৰ সৈতে সোমবাৰে নিশা খাটিয়াবাৰী অঞ্চলত খোজ কাঢ়িবলৈ গৈছিল । য'ত ৬ জন লোক খাটিয়াবাৰীত ৰৈ আছিল বুলি চম্পাহাৱাৰ আৰক্ষী থানাৰ বিষয়ববীয়াই জানিব দিয়ে।

আনহাতে ছোৱালী দুজনীয়ে মাজনিশা তেওঁলোকৰ নিজ বাসগৃহত উপস্থিত হয় । ছোৱালী দুগৰাকীয়ে পৰিয়ালৰ সদস্য সকলক জনাই যে তেওঁলোকক ধৰ্ষণ কৰা হৈছে । দুয়োগৰাকী ছোৱালীৰ পৰিয়ালৰ সদস্য সকলে এই সন্দৰ্ভত আৰক্ষীকক অভিযোগ দাখিল কৰাৰ পিছতে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে পদক্ষেপ লৈছিল আৰু অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰে বুলি বিষয়া গৰাকীয়ে জানিব দিয়ে । ছোৱালী দুগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে খাৱাই জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । বৰ্তমান এই গোছৰৰ তদন্ত চলি আছে বুলিও আৰক্ষী বিষয়া গৰাকীয়ে জানিব দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in