লক্ষীপুৰত ৬ লাখ টকাৰ গাঞ্জা জব্দঃ আটক দুজন

লক্ষীপুৰত ৬ লাখ টকাৰ গাঞ্জা জব্দঃ আটক দুজন

ডিজিটেল সংবাদ শিলচৰঃ ড্রাগছ, নিচাযুক্ত টেবলেট আৰু গাঞ্জাৰ বিৰুদ্ধে বৃহস্পতিবাৰেও অভিযান অব্যাহত ৰাখিছে কাছাৰৰ লক্ষীপুৰ আৰক্ষীয়ে ৷লক্ষীপুৰৰ মহকুমা আৰক্ষী বিষয়া (এছ ডি পি অ') কুলদীপ ভট্টাচার্যৰ নেতৃত্বত লক্ষীপুৰ থানাৰ আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰ ৫১ কিলোগ্রাম গাঞ্জা বাজেয়াপ্ত কৰে। গোপন তথ্যৰ ভিত্তিত অভিযান চলাই দুখন অটোৰ পৰা বাজেয়াপ্ত কৰা হয় গাঞ্জাখিনি।

আৰক্ষী বিষয়া কুলদীপ ভট্টাচার্যই সদৰী কৰা মতে, মনিপুৰৰ পৰা আমদানি কৰা বুজণ পৰিমাণৰ গাঞ্জা দিলখুছ চাহ বাগিছাৰ পৰা দুখন অটোত লৈ অহাৰ কথা। গোপন সূত্রে এই তথ্য লাভ কৰাৰ পিছত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দিলখুছ-লক্ষীপুৰ পথত খাপপিট ৰৈ থাকে। ঠিক সেই সময়ত সেই পথেৰে অটো দুখন অহা দেখা পায় আৰক্ষীয়ে আৰু লগে লগে অটো দুখন ৰখাই তালাচী চলোৱা হয় ।

তালাচীৰ সময়ত (এএছ ১১ডিছি -৮৫৭৬ আৰু এএছ ১১ডিছি-১৩৪৮ নম্বৰৰ ) অটো দুখনৰ পৰা জব্দ কৰা হয় তিনিটা গাঞ্জা ভর্তি বস্তা। এখন অটোৰ পৰা ২১ কেজি গাঞ্জা ভর্তি থকা এটি বস্তা আৰু আন এখন অটোৰ পৰা গাঞ্জা ভর্তি দুটা বস্তা বাজেয়াপ্ত কৰা হয়। তিনিওটা বস্তাৰ পৰা সর্বমুঠ ৫১ কিলোগ্রাম গাঞ্জা জব্দ কৰা হৈছে ৷ জব্দ কৰা গাঞ্জা খিনিৰ মূল্য প্ৰায় ছয় লাখ টকা হ'ব বুলি জানিবলৈ দিয়ে এছডিপিঅ' কুলদীপ ভট্টাচাৰ্যই ৷

গাঞ্জা বাজেয়াপ্ত কৰাৰ পিছত অটো দুখন জব্দ কৰাৰ লগতে গাঞ্জা ব্যবসায়ী দুজনক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে। ধৃত লোক দুজন ধলাই আমৰাঘাট কচুদৰমৰ প্ৰসেনজিত দাস আৰু ছোটো জালেংগাৰ অপু দাস ৷ বৰ্তমান দুয়োজনকে লক্ষীপুৰ থানাত জেৰা কৰি থকা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in