দ্ৰুতবেগী মালবাহী ৰে’লৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ মৃত্যু…

দ্ৰুতবেগী মালবাহী ৰে’লৰ খুন্দাত দুটাকৈ বন্যহস্তীৰ মৃত্যু…

ডিজিটেল সংবাদ, লামডিঙঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে বন্যহাতীৰ কৰুণ মৃত্যু ৷ দ্ৰুতগতিত অহা মালবাহী ৰে'লে মহতিয়ালে পোৱালী সহ এজনী মাইকী হাতী। জানিব পৰামতে, লামডিং ৰে'লৱে ডিভিজনৰ অন্তৰ্গত পাথৰখোলা আৰু লামচাখং ৰে'ল ষ্টেচনৰ মাজত দ্ৰুত গতিত অহা উজনিমূৱা এখন মালবাহী ৰে'লে আজি পুৱতি নিশা এজনী মাইকী হাতীসহ এটা পোৱালীক মহতিয়াই নিয়ে৷

ৰে'ল বিভাগৰ চৰম গাফিলতিৰ বাবেই প্ৰতিবাৰেই লামডিং -পাথৰখোলা আৰু পাথৰখোলা-লামচাখং ষ্টেচনৰ মাজত বন্যহাতীৰ মৃত্যু ঘটে৷ এই অঞ্চলসমূহ লামডিং সংৰক্ষিত বনাঞ্চলৰ কাষৰীয় হোৱাৰ বাবেই বন্যপ্ৰানীয়ে খাদ্য সন্ধানত নিশা মুক্ত বিচৰণ কৰে ৷ ইয়াৰোপৰি বন বিভাগে বাৰে বাৰে ৰে'ল বিভাগক এলিফেন্ট কৰিডৰ বুলি চিহ্নিত হোৱা অঞ্চলসমূহত ৰে'ল সমূহৰ গতিবেগ ৩০ পৰা ৪০ কিলোমিটাত চলাবলৈ জাননী প্ৰদান কৰে যদিও একাংশ ৰে'লৱে বিষয়া তথা পাইলটৰ হেমাহীৰ বাবে বাৰম্বাৰ এনে ঘটনা সংঘটিত হৈ আহিছে ৷

এই ক্ষেত্ৰত বন বিভাগে ৰে'লবিভাগক বহুবাৰ পত্ৰ যোগে জাননী দিয়ে যদিও ৰে'লৰ একাংশ চালকৰ ময়মতালিত এই অঞ্চলসমূহত ৰে'লৰ গতিবেগ ৮০-১০০ কিলোমিটাৰ ওপৰত দ্ৰুতগতিত চলে বুলি স্থানীয় লোকে অভিযোগ কৰে ৷ ৰে'লৰ গতি দ্ৰুত হোৱাত খাদ্য সন্ধানত অহা বন্যহাতীক মহতীয়াই নিয়ে ৷ দেওবাৰে মালবাহী ৰে'লখনে মাইকী হাতীজনীক চল্লিচ পৰা পঞ্চাচ মিটাৰ আৰু পোৱালী হাতীটোক এক পৰা ডেৰ কিলোমিটাৰ মহতীয়াই চোচৰাই নিয়ে ৷৷ ঘটনাস্থলীত বনবিভাগৰ লোক উপস্থিত হয় ৷ আনফালে কাইলৈ লামডিঙত উপস্থিত হ'ব ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য ৷ বনবিভাগৰ এখন উদ্যানৰ উদ্বোধনৰ বাবে আহিব মন্ত্ৰী গৰাকী ৷৷

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in