সৰ্থেবাৰী আৰক্ষীৰ জালত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী…

সৰ্থেবাৰী আৰক্ষীৰ জালত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী…

ডিজিটেল সংবাদ, চেঙা : বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীৰ জালত পৰিছে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰা যুৱক দুজন হ'ল সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বৰমাৰাৰ মজিবৰ ৰহমানৰ পুত্ৰ মহিদুল আলী(২৫) আৰু প্ৰয়াত চানমিঞাৰ পুত্ৰ চানিদুল ইছলাম ওৰফে মহিবুল ইছলাম(২২) বুলি জানিব পৰা গৈছে।

দেওবাৰে বিয়লি গোপন খবৰৰ ভিত্তিত সৰ্থেবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অঞ্জন বড়োৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ধৃত যুৱক দুজনক বৰকাপলা- ব্যাসকুছি পথৰ পৰা আটক কৰিবলৈ সক্ষম হয়। ধৃত যুৱক দুজনৰ পৰা ৬টা সন্দেহযুক্ত ব্ৰাউন চুগাৰ ভৰ্তি প্লাষ্টিক কন্টেইনাৰ জব্দ কৰাৰ লগতে ৮টা প্লাষ্টিকৰ খালি কন্টেইনাৰো জব্দ কৰে আৰক্ষীয়ে। সৰ্থেবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ ৩৮৭/২০২০ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধি আইনৰ ২১(b) ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি সোমবাৰে ধৃত যুৱক দুজনক বৰপেটা আদালতত হাজিৰ কৰায় বুলি জানিব পৰা গৈছে।

বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত দুষ্ট চক্ৰই নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছে বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক ডাঃ ৰবীন কুমাৰৰ তৎপৰতাত জিলাখনৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে বুলি জানিব পৰা গৈছে। ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত কেইবাগৰাকী লোকক আৰক্ষীয়ে আটক কৰি মহামান্য আদালতৰ জৰিয়তে জে'ললৈ প্ৰেৰণ কৰিছে। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিবলৈ জিলা আৰক্ষী প্ৰশাসনক সচেতন লোকে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in