টিহু উজ্বলালে দুখন নিকেতনৰ দুগৰাকী দীপে…

টিহু উজ্বলালে দুখন নিকেতনৰ দুগৰাকী দীপে…

ডিজিটেল সংবাদ, চেঙাঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বুধবাৰে ঘোষণা কৰা ফলাফল অনুসৰি টিহু মহকুমাৰ আগশাৰীৰ দুখন বিদ্যা নিকেতনৰ দুগৰাকী দীপে স্থান দখল কৰি সমগ্ৰ টিহু মহকুমালৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। ঘোষিত ফলাফল অনুসৰি টিহুৰ বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী দীপ শেখৰ কলিতাই ৯৭.৫ শতাংশ নম্বৰ লাভেৰে নৱম স্থান দখল কৰিছে। সৰ্বমুঠ ৫৮৫ নম্বৰ লাভ কৰা মেধাৱী শিক্ষাৰ্থী দীপ শেখৰ কলিতাই অসমীয়াত ৯৪, ইংৰাজীত ৯৮, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিজ্ঞানত ৯৭ আৰু উচ্চ গণিতত ৯৮ নম্বৰ লাভ কৰে।

টিহুৰ শিয়ালমাৰি (লচিমা) নিৱাসী বৰপেটা জিলাৰ বনগাঁওস্থিত আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰবক্তা গজেন্দ্ৰ নাথ কলিতা আৰু গৃহিণী প্ৰাঞ্জলি কলিতাৰ পুত্ৰ দীপ শেখৰ কলিতাই এই প্ৰতিবেদকক তেওঁৰ সাফল্যৰ আঁৰৰ বিষয় হিচাপে কয় যে তেওঁ প্ৰতিদিন নিয়মীয়াকৈ অধ্যয়ন কৰিছিল। অধ্যয়ন এদিনো খতি কৰা নাছিল। শ্ৰেণীত গ্ৰহণ কৰিবলগীয়া পাঠ পূৰ্বে ঘৰতেই আৰু শ্ৰেণীত শিকোৱা পাঠ ঘৰলৈ গৈ সদায় নিয়মীয়াকৈ অধ্যয়ন কৰিছিল। তেওঁৰ কোনো ঘৰুৱা শিক্ষকো নাছিল।

কুইজৰ প্ৰতি বিশেষ অনুৰাগী আৰু বিভিন্ন অনুষ্ঠানে আয়োজন কৰা কুইজ প্ৰতিযোগিতাবোৰত স্থান লাভ কৰা দীপ শেখৰে পাঠ্যপুথিৰ উপৰি প্ৰাসংগিক পুথি আৰু বাতৰি কাকত আদিও সময়ে সময়ে পঢ়িছিল। সঠিক সময়ত সঠিক অধ্যয়ন কৃতকাৰ্যতাৰ চাবি–কাঠি বুলি দোহাৰি স্থান লাভে তেওঁক খুবেই সুখী কৰা বুলি উল্লেখেৰে এই গৌৰৱময় কৃতিত্বৰ বাবে তেওঁ পিতৃ–মাতৃ, নিকেতনখনৰ সকলো শিক্ষক–শিক্ষয়িত্ৰী, গাঁৱৰ ওচৰ–চুবুৰীয়া আৰু শুভাকাংক্ষীসকলৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ব বুলি কয়।

উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি পৰৱৰ্তী সময়ত এগৰাকী চিকিৎসক হোৱাৰো জীৱনৰ লক্ষ্য বুলি কৃতী শিক্ষাৰ্থীগৰাকীয়ে সাংবাদিকৰ আগত ব্যক্ত কৰে। বিবেকানন্দ বিদ্যা নিকেতনৰ প্ৰধান শিক্ষয়িত্ৰী দীপালি ডেকাই দীপ শেখৰৰ কৃতিত্বই শিক্ষানুষ্ঠানখনৰ শিক্ষক–শিক্ষয়িত্ৰীসকলক বাৰুকৈয়ে উৎসাহিত কৰাৰ লগতে পৰৱৰ্তী সময়তো এনে সাফল্যৰ সৌৰভ আনিবলৈ সকলোৱে যত্নৱান হ'ব বুলি এই প্ৰতিবেদকৰ আগত পৰম আনন্দৰে প্ৰকাশ কৰে।

আকৌ টিহুৰ শংকৰদেৱ বিদ্যা নিকেতনৰ শিক্ষাৰ্থী দীপজ্যোতি শৰ্মাই ৯৭.১৬ শতাংশ নম্বৰ লাভেৰে দশম স্থান দখল কৰিছে। সৰ্বমুঠ ৫৮৩ নম্বৰ লাভ কৰা দীপজ্যোতি শৰ্মাই অসমীয়াত ৯৬, ইংৰাজীত ৯৫, সাধাৰণ গণিতত ১০০, সাধাৰণ বিজ্ঞানত ৯৮, সমাজ বিদ্যাত ৯৪ আৰু উচ্চ গণিতত ১০০ নম্বৰ লাভ কৰে।

উল্লেখ্য যে এই শিক্ষানুষ্ঠানখনৰ কৃতকাৰ্যতাৰ মানচিত্ৰত এইবেলি পোনপ্ৰথম বাৰৰ বাবে স্থান দখলেৰে এক অনন্য খ্যাতি আৰ্জিলে কৃতী শিক্ষাৰ্থী দীপজ্যোতি শৰ্মাই। টিহুৰ পশ্চিম কঁঠালমূৰা গাঁও নিৱাসী আৰু টিহুৰ ওচৰৰ দীঘেলী হাইস্কুলৰ শিক্ষক অখিল শৰ্মা আৰু গৃহিণী দুলু দেৱীৰ পুত্ৰ দীপজ্যোতি শৰ্মাই এই সাফল্যৰ বাবে বাৰুকৈয়ে উৎসাহিত হোৱা বুলি উল্লেখ কৰে। দৈনিক নিয়মীয়াকৈ অধ্যয়ন কৰা শিক্ষাৰ্থীগৰাকীয়ে সম্প্ৰতি টিহু মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাত অধ্যয়ন কৰি পৰৱৰ্তী সময়ত এগৰাকী সফল চিকিৎসক হোৱাৰ লক্ষ্য মনত পুহি ৰখা বুলি অতি উৎসাহেৰে প্ৰকাশ কৰে।

দীপজ্যোতিৰ সাফল্যত শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য প্ৰাণকৃষ্ণ পাঠকে এই সফলতা শিক্ষানুষ্ঠানখনৰ লগতে টিহুবাসীৰ সকলো স্তৰৰ লোকৰ সদিচ্ছা আৰু আশীৰ্বাদৰ ফলতে হোৱা বুলি উৎসাহেৰে প্ৰকাশ কৰে। উল্লেখযোগ্য যে, টিহুৰ শৈক্ষিক ইতিহাসৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলিয়েই পোন প্ৰথমবাৰৰ বাবে দুগৰাকী কৃতী শিক্ষাৰ্থীয়ে একে সময়তে স্থান দখল কৰিছে। সেয়ে আজিৰ এই ফলাফলে স্বাভাৱিকতে উৎফুল্ল কৰি তুলিছে টিহুবাসী সৰ্বস্তৰৰ লোকক। শিক্ষাৰ্থী দুগৰাকীৰ এনে সাফল্যত শিক্ষানুষ্ঠান দুখনৰ লগতে টিহু নগৰত এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়।

দুয়োখন শিক্ষানুষ্ঠানৰ শিক্ষক–শিক্ষয়িত্ৰী, শিক্ষাৰ্থী, অভিভাৱক আৰু শিক্ষানুৰাগী লোকে কৃতী শিক্ষাৰ্থী দুগৰাকীক সুসজ্জিত বাহনত তুলি সমগ্ৰ টিহু নগৰত শোভাযাত্ৰাও কৰে। একে সময়তে দুগৰাকী শিক্ষাৰ্থীয়ে আজি এনেদৰে অনন্য সাফল্যৰে টিহুলৈ গৌৰৱ কঢ়িয়াই অনা বাবে টিহুৰ সুসন্তান অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান খগেন শৰ্মা, ডাউন টাউন বিশ্ববিদ্যালয়ৰ আচাৰ্য প্ৰখ্যাত চিকিৎসক ডাক্তৰ নৰেন্দ্ৰ নাথ দত্ত, ভাৰতীয় প্ৰযুক্তি বিদ্যাৰ উচ্চ অধ্যয়ন প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ নাৰায়ণ তালুকদাৰ, অসম জাতীয় বিদ্যালয়ৰ সচিব ডাক্তৰ নাৰায়ণ শৰ্মা, মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ উপ অধীক্ষক ডাক্তৰ মাধৱ ৰাজবংশী, নলবাৰী জিলা সাহিত্য সভা, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ–ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি প্ৰমুখ্যে বিভিন্ন অনুষ্ঠান আৰু ব্যক্তি বিশেষে শিক্ষাৰ্থী দুগৰাকক অভিনন্দন জ্ঞাাপন কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in