কোৰোনাৰ ভয়ংকৰ সংক্ৰমণঃ বহৰিত দুদিনীয়া সৰ্বাত্মক লকডাউন…

কোৰোনাৰ ভয়ংকৰ সংক্ৰমণঃ বহৰিত দুদিনীয়া সৰ্বাত্মক লকডাউন…

ডিজিটেল ডেস্কঃ বৰপেটা,পাঠশালা আৰু বহৰিত কোৰোনাৰ সংক্ৰমণে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। শুকুৰবাৰৰ পুনাৰ ভাগতে ৩৫গৰাকীকৈ লোক কোৰোনাত আক্ৰান্ত হোৱাৰ পাছতে শেহতীয়াকৈ আৰু ১৩গৰাকীৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছৰ উপস্থিতি। কোৰোনাৰ এনে সংক্ৰমণৰ পাছতে অতি কঠোৰ হৈছে প্ৰশাসন। ইতিমধ্যে বহৰিৰ পাঞ্জাৱ নেচনেল বেংকৰ কাম-কাজ বন্ধ কৰি দিয়াৰ লগতে আগন্তুক শনি-দেওবাৰে সৰ্বাত্মক লকডাউনৰ ঘোষণা কৰা হৈছে।

বৰ্তমানলৈ আক্ৰান্ত ৪৮গৰাকী লোকৰে নাই কোনো ট্ৰেভেল হিষ্টৰী। আক্ৰান্ত অধিক সংখ্যক লোক কোৱাৰেন্টাইন চেন্টাৰত আছিল যদিও বৰপেটা ৰোড আৰক্ষী থানাৰ ৪জন আৰু বৰপেটা ৰাজহচক্ৰৰ ৭জন কৰ্মচাৰীও আক্ৰান্ত হৈছে কোৰোনাত। আক্ৰান্ত সকলোকে বৰপেটা চিকিৎসা মহাবিদ্যালয় আৰু কলগাছিয়া অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in