শোৱনিকোঠাত চিপ লোৱা ঝৰ্ণাক দেখি দীপাৱলীৰ নিশা মহানগৰীৰ পাৰ্কত বিশালৰ আত্মহত্যা

শোৱনিকোঠাত চিপ লোৱা ঝৰ্ণাক দেখি দীপাৱলীৰ নিশা মহানগৰীৰ পাৰ্কত বিশালৰ আত্মহত্যা

ডিজিটেল সংবাদ, গুৱাহাটীঃ দীপাৱলীৰ নিশা মহানগৰীত সংঘটিত হোৱা দুটাকৈ আত্মহত্যাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। ৰহস্যজনক এই ঘটনা সংঘটিত হৈছে উজান বজাৰ অঞ্চলত।

চৌদিশ পোহৰৰে উপচি পৰাৰ সময়তে দীপাৱলীৰ শুভেচ্ছা জনাবলৈ বুলি নিশাৰ ভাগত উজান বজাৰস্থিত এগৰাকী মহিলাৰ ঘৰলৈ ওলাই গৈছিল এজন যুৱক। ঘৰটোৰ দুৱাৰমুখত উপস্থিত হৈ কেবাবাৰো মাতিছিল যদিও কোনো বাহিৰলৈ ওলাই অহা নাছিল।

দুৱাৰ-খিৰিকি সকলো খোলা থকাত ঘৰটোৰ ভিতৰলৈ প্ৰৱেশ কৰে বিশাল হাজৰিকা নামৰ যুৱকজন। ঝৰ্ণা চৌধুৰী বিষয়া নামৰ মহিলাগৰাকীৰ শোৱনি কোঠালৈ দৃষ্টি নিক্ষেপ কৰাৰ পিছতে শিয়ৰি উঠে বিশাল। কিয়নো শোৱনি কোঠাত চিপ লৈ ওলমি আছিল ঝৰ্ণা।

দীপাৱলীৰ পোহৰৰ মাজতো এনেদৰে অন্ধকাৰ হৈ পৰিছিল এখন ঘৰ। তথাপি শেষ আশা হিচাপে ততাতৈয়াকৈ ঝৰ্ণাক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ ব্যৱস্থা কৰে বিশালে। কিছু সময়ৰ ভিতৰতে চিকিৎসালয় আহি পাই যদিও চিকিৎসকে ঝৰ্ণাক মৃত ঘোষণা কৰে।

ঝৰ্ণাৰ মৃত্যুত মৰ্মাহত হৈ পৰা বিশালে চিকিৎসালয়ৰ পৰা ঘৰমুৱা হয় যদিও কোনো অজান কাৰণত নিজেও হেৰুৱাই পেলায় জীৱনৰ প্ৰতি থকা মায়া-মমতা। অৱশেষত উজান বজাৰৰ উদ্যানত ঝৰ্ণাৰ পথ অনুসৰণ কৰি বিশালেও চিপ লৈ আত্মহত্যা কৰে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি উজান বজাৰৰ জাহাজঘাটৰ ৰেল'ৱে আৱাসত ৰেল বিভাগত কৰ্মৰত স্বামীৰে সৈতে বাস কৰি অহা ঝৰ্ণা পেছাত আছিল এগৰাকী অভিনেত্ৰী। কেবাখনো ধাৰাবাহিকত অভিনয় কৰিছিল ঝৰ্ণাই। দীপাৱলীৰ নিশা আত্মহত্যা সংঘটিত কৰাৰ সময়ত কৰ্তব্যৰ তাগিদাত কাৰ্যালয়তে আছিল ঝৰ্ণাৰ স্বামী।

ঝৰ্ণা আৰু বিশাল দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত অস্বাভাৱিক মৃত্যু হোৱা বুলি উল্লেখ কৰি পৰিয়ালক গতাই দি ঘটনা সন্দৰ্ভত এই পৰ্যন্ত কোনো গোচৰ ৰুজু হোৱা নাই বুলি জানিবলৈ দিছে লতাশিল থানাৰ আৰক্ষীয়ে।

সেয়া হ'লেও স্বামীৰ অনুপস্থিতিত ঝৰ্ণাই শোৱনি কোঠাতে আত্মহত্যা সংঘটিত কৰা আৰু সেই ঘটনাৰ পিছতে ঝৰ্ণাক চিকিৎসালয়লৈ নি বিশাল নামৰ যুৱকজনে নিজেও চিপ লোৱা কাৰ্যই স্থানীয় লোকসকলক হতচকিত কৰি তুলিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in