শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

হৰ্ছ ট্ৰেডিঙেই কাল হ’ল ৰাজস্থানৰ দুই বিজেপি নেতাৰ

13,949

ডিজিটেল সংবাদঃ চৰকাৰ ভঙা পতাত নাম আছে একাংশ বিজেপি নেতাৰ। কিন্তু এইবাৰ যেন অংক নিমিলিল। চৰকাৰ ভাঙিবলৈ গৈ নিজে ৰঙা ঘৰৰ আলহী হ’ব লগাহে হ’ল দুই বিজেপিৰ শীৰ্ষ নেতা। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত। ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰ ভাঙিবলৈ যোজা চলাইছিল দুই বিজেপি নেতাই। পাছে এইবাৰ যেন হিতে বিপৰীত হ’ল।


জানিব পৰা মতে ৰাজস্থানৰ SOG অৰ্থাৎ স্পেচিয়েল অপাৰেচন গ্ৰুপে কেইটামান ফোন টেপিঙৰ সহায়ত জানিব পাৰিছিল যে ৰাজস্থানৰ অশোক গেহলটৰ চৰকাৰ খন ভাঙিবলৈ একাংশই কুচকাৱাজ চলাইছে। ফোন টেপিঙৰ সহায়ত এইটো কথা পোহৰলৈ আহে যে গেহলট চৰকাৰ ভাঙিবলৈ ৰাজ্যখনৰে একাংশ বিজেপি নেতা সক্ৰিয় হৈ উঠিছে।


চক্ৰটোৱে গেহলট চৰকাৰৰ কেইবাজনো বিধায়কক টকাৰ প্ৰলোভন দেখুৱাই চৰকাৰখনৰ সংখ্যা লঘিষ্ঠ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু এই তথ্য পোহৰলৈ অহাৰ লগতে SOGয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে দুই বিজেপি নেতাৰ বিৰুদ্ধে। উক্ত গোচৰৰ ভিত্তিত প্ৰায় ডেৰ ৰাতি ৰাজস্থান আৰক্ষীয়ে জেৰা কৰাৰ অন্তত SOG য়ে গ্ৰেপ্তাৰ কৰে দুই বিজেপি নেতাক।


হৰ্ছ ট্ৰেডিঙত জড়িত দুই বিজেপি নেতা হ’ল ভৰত মালানী আৰু অশোক সিন্হা। উল্লেখ্য যে ভৰত মালানী ৰাজস্থান বিজেপিৰ কেইবাটাও গুৰুূত্বপূৰ্ণ দায়িত্বত আছিল। দুয়োকে উদয়পুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে ৰাজস্থান স্পেচিয়েল গ্ৰুপে। বৰ্তমান দুয়োকে জয়পুৰত জেৰা অব্যাহত ৰাখিছে SOG য়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি