বটদ্ৰৱাৰ ভেৰভেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক দুই…

বটদ্ৰৱাৰ ভেৰভেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক দুই…

ডিজিটেল সংবাদ, বটদ্ৰৱা : নগাঁও জিলাৰ বটদ্ৰৱাৰ ভেৰভেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী। বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেৰভেৰিৰ পৰা মংগলবাৰে আটক কৰে দুই ড্ৰাগচ সৰবৰাহকাৰীক।

দুই ড্ৰাগচ সৰবৰাহকাৰী ক্ৰমে আইনুল হক (ভেকুলি) আৰু ৰচিদুল হক। আৰক্ষীয়ে জব্দ কৰে ৫৪.৮১ গ্ৰাম হিৰোইন, লগতে ৭২ টা নিচাজাতীয় টেবলেট, মবাইল হেনছেত আৰু নগদ ধন। প্ৰায় দহ লক্ষাধিক টকা মূল্যৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰা এই দুই ড্ৰাগচ সৰবৰাহকাৰীয়ে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত মাৰাত্মক ড্ৰাগছৰ মুকলি বেহা চলাই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল। অবশেষত নগাঁও জিলা আৰক্ষী আৰু বটদ্ৰৱা আৰক্ষীৰ সহযোগত আটক কৰে এই দুই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in