প্ৰেমৰ দিৱসৰ দিনাই গ্ৰেপ্তাৰ দুই যুৱক-যুৱতী…

প্ৰেমৰ দিৱসৰ দিনাই গ্ৰেপ্তাৰ দুই যুৱক-যুৱতী…

ডিজিটেল সংবাদ,মৰিগাঁও: প্ৰেমৰ দিৱসৰ দিনাই মৰিগাঁৱত নকল টকা সহ আটক দুই যুৱক যুৱতী। মৰিগাঁও চহৰৰ সমীপৱৰ্তী বৰঙ্গাবাৰীৰ সুদৰ্শন বাৰ কম ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহোঁতে আটক দুই যুৱক যুৱতীক।

জাগীৰোড শিলভঙাৰ মজিফা বেগম আৰু হোজাইৰ জইনাল উদ্দীন নামৰ দুয়ো যুৱক যুৱতীয়ে ব্যৱহাৰ কৰা AS01JC0536 নম্বৰৰ এখন চুইফট ডিজাইৰ গাড়ী জব্দ আৰক্ষীৰ। লগতে দুয়োৰে পৰা ১ লাখ ৬২ হাজাৰ ৫ শ নকল টকা সহ তিনিটা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে।

তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্কত থকা মফিজ আৰু জইনাল উদ্দীন আহিছিল গুৱাহাটীৰ পৰা। তেওঁলোকৰ লগত থকা অন্য এজন যুৱক এজনে পলায়ন কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, ভেলেণ্টাইনদেৰ দিনা গুৱাহাটী খানাপাৰৰ পৰা মৰিগাঁও যাম বুলি ভাড়া কৰিছিল গাড়ীখন। দুই যুৱক আৰু এগৰাকী যুৱতী মিলি সুদৰ্শন বাৰ কম ৰেষ্টুৰেণ্টত খাই ওলাই আহোঁতে গোপন খবৰ ভিত্তিত খাপ পিটি থকা মৰিগাঁও আৰক্ষীয়ে নকল টকা সহ আটক কৰে দুই প্ৰেমিক প্ৰেমিকাক। বৰ্তমান ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in