মহানগৰীত অসমীয়া যুৱকক আক্ৰমণেৰে জড়িত দুই কয়লা মাফিয়াক আটক

মহানগৰীত অসমীয়া যুৱকক আক্ৰমণেৰে জড়িত দুই কয়লা মাফিয়াক আটক
  • মহানগৰীত বহিৰাগত কয়লা মাফিয়াৰ গুণ্ডাৰাজ।
  • হাতীৰ শিকলিৰে বান্ধি ওৰে নিশা নিৰ্যানত অসমীয়া যুৱকক।
  • বৃহস্পতিবাৰে পুৱা এই ঘটনা পোহৰলৈ অহাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।
  • তপন বৰা নামৰ নামৰ যুৱকজনক বহিৰাগত কয়লা মাফিয়াই শিকলিৰে বান্ধি নিৰ্যাতন চলোৱাৰ বিৰুদ্ধে প্ৰতিবাদ।
  • বশিষ্ট থানাত এজাহাৰ দাখিল কেইবাটাও দল-সংগঠনৰ।
  • এজাহাৰ দাখিল কৰিছে সদৌ অসম উন্নয়ন পৰিষদ আৰু অসমীয়া যুৱ মঞ্চই।
  • ঘটনা সন্দৰ্ভত বশিষ্ট আৰক্ষীয়েে ইতিমধ্যে আটক কৰিছে দুজনক।
  • ধৃত দুজন ক্ৰমে সৌৰভ সৰকাৰ আৰু গোপাল মহন্ত।
  • সৌৰভ সৰকাৰৰ ঘৰ লালগণেশত আৰু গোপাল মহন্তৰ ঘৰ শিৱসাগৰত।
  • ইফালে ঘটনাৰ পিছতে পলায়ন কৰা ঘটনাৰ মূল অভিযুক্তক বিচাৰি আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in