দুধনৈত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ১

দুধনৈত শোকাৱহ পথ দুৰ্ঘটনা, নিহত ১

ডিজিটেল সংবাদ, ধূপধৰাঃ কিলাৰ হাইৱেত পুনৰ প্ৰাণ গ'ল এজনৰ। নিশা দুধনৈত সংঘটিত হোৱা দুটাকৈ পৃথক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আহত হয় তিনিজন যুৱক৷ প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত৷ দুধনৈৰ ভাৰত পেট্ৰ'লিয়ামৰ তেল ডিপোৰ সন্মুখত সংঘটিত হোৱা দুৰ্ঘটনাটোত উৎপল ৰাভা নামৰ যুৱক এজন থিতাতে নিহত হোৱাৰ লগতে আন দুজন ক্ৰমে ভৃগুৰঞ্জন ৰাভা আৰু দ্বীপেন ৰাভা গুৰুতৰভাৱে আহত হয়।

জানিব পৰামতে, নয়াপাৰাৰ পৰা দুধনৈলৈ গৈ থকা সময়তে এখন কয়লাৰ ট্ৰাকক অতিক্ৰম কৰিব লওঁতে সমুখৰ পৰা অহা তীব্ৰবেগী চাৰিচকীয়া বাহন এখনে প্ৰচণ্ড জোৰে খুন্দা মাৰে বাইকত, ফলত বাইক আৰোহী কেইজন চিটিকি পৰে৷ ঘটনাস্থলীৰ পৰা স্থানীয় ৰাইজে আহত সকলোক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও উৎপলক মৃত বুলি ঘোষণা কৰে চিকিৎসকে আৰু আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহন সহ চালকে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ ইফালে আন এক দুৰ্ঘটনা সংঘটিত হয় দুধনৈৰ মাজ-জাখিলীত৷ নিয়ন্ত্ৰণ হেৰুৱাই এজন যুৱকে বাইকসহ পথৰ পৰা পথাৰত পৰি যায়। যাৰ ফলত গুৰুতৰভাৱে আহত হেৰম্ব নাথ নামৰ যুৱকজনক ১০৮ এম্বুলেন্সেৰে চিকিৎসালয়ত নিয়ে যদিও সংকটজনক অৱস্থাত দুধনৈৰ পৰা গোৱালপাৰালৈ প্ৰেৰণ কৰে৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in