২০ জুনত মুকলি হ’ব পুৰণি শৰাইঘাট দলং…

২০ জুনত মুকলি হ’ব পুৰণি শৰাইঘাট দলং…

ডিজিটেল ডেস্কঃ ২০ জুনত মুকলি হ'ব পুৰণি শৰাইঘাট দলং। নিৰ্ধাৰিত সময়মতেই বৃহস্পতিবাৰে মুকলি কৰি দিয়া হ'ব দলংখন। কিছুদিনৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০ জুনত দলংখন মুকলি কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল। মেৰামতিৰ বাবে বিগত ৩ মাহ জুৰি বাবে বন্ধ আছিল পুৰণি দলংখন।

দলংখনৰ ১১টা কানেক্টিং এক্সপানশ্যন জইণ্টছৰ মেৰামতিৰ কাম ইতিমধ্যেই সম্পূৰ্ণ হৈছে। তদুপৰি ৫৪খন ডেক শ্বেৱৰৰ মেৰামতি কৰা হৈছে। উল্লেখ্য যে, নিৰ্মাণৰ পিছত প্ৰথমবাৰলৈ এনেদৰে বৃহত্‍ মেৰামতি কৰা হয় দলংখনৰ। দলংখনত সৃষ্টি হোৱা বৃহৎ বৃহৎ ফাঁটৰ ফলত যাতায়াতৰ অনুপযোগী হৈ পৰিছিল দলংখন। তাৰ পিছতে পুৰণি দলংখন মেৰামতিৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in